আলোচনাৰ জৰিয়তে সমাধান হ’ব ভাৰত-চীনৰ সীমা সংঘাতৰ সমস্যা

Army PTI12

লাডাখত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ দুয়োপাৰে ভাৰত-চীনৰ ভূখণ্ডত শেহতীয়াভাৱে যি উত্তেজনামূলক পৰিবেশৰ সৃষ্টি হৈছে সেয়া অচিৰেই দুই দেশে আলোচনাৰ জৰিয়তে সমাধান কৰিব ৷ ভাৰত চীনৰ সেনা বাহিনীৰ লেফটেনেণ্ট জেনেৰেল পৰ্যায়ৰ বৈঠকৰ এদিন পাছত আজি ভাৰতৰ বৈদেশিক মন্ত্ৰ্যালয়ে এক বিবৃতিত এই কথা ঘোষণা কৰে ৷ বৈদেশিক মন্ত্ৰণালয়ে লগতে কয় যে ভাৰত চীনৰ সীমা সংঘাতৰ বিষয়টোৰ সন্দৰ্ভত আগন্তুক দিনত উভয় দেশে কূটনৈতিক আৰু অসামৰিক পৰ্যায়ৰ আলোচনা বাহাল ৰাখিব ৷

এনে আলাপ আলোচনাৰ জৰিয়তে আগন্তুক সময়ত দুই দেশৰ সীমা বিবাদৰ অৱসান ঘটিব বুলি বৈদেশিক মন্ত্ৰণালয়ে উক্ত বিবৃতিত আশা প্ৰকাশ কৰিছে ৷ উল্লেখযোগ্য যে কালি চীনৰ মালডো অঞ্চলত চীনা সেনাৰ ঘাটিত ভাৰত আৰু চীনৰ লেফটেনেণ্ট জেনেৰেল পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল ৷ দুই দেশৰ সেনা বাহিনীৰ এই বৈঠকত সীমা সমস্যাৰ কোনো স্পষ্ট সমাধান সূত্ৰ নিৰ্ণয় নহ’লেও সম্ভাব্য সমাধ সূত্ৰ উলিয়াবলৈ দুয়ো পক্ষই একাধিক বিকল্পৰ প্ৰস্তাৱ আগবঢ়াইছে ৷ এই আলোচনাক ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে ইতিবাচক আখ্যা দিছে।

Exit mobile version