ক’ভিড-১৯ক লৈ হেতালি খেলিছে যোৰহাটৰ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে

cv

যোৰাহাট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বাবেই কৰ’না সংক্ৰমণৰ ভয়াবহতাই এতিয়া তিতাবৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বহিঃৰাজ্যৰ পৰা অহা এজন যুৱকক চৰকাৰী ব্যৱস্হাৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰপৰা ঘৰলৈ পঠোৱাৰ পিচতে স্বাস্হ্যবিভাগৰ প্ৰতিবেদনত কৰ’না পজিটিভ নিশ্চিত হোৱাত তীব্ৰ আতংকই বিৰাজ কৰিছে। অনুসন্ধান কৰি জানিব পৰা মতে তিতাবৰৰ বৰপাচি গাঁৱৰ যুগল কছাৰী আৰু তিতাবৰ পৌৰসভা এলেকাৰ সত্যব্ৰত দত্ত নামৰ যুৱক দুজন বহিঃৰাজ্যৰপৰা আহি যোৰহাটৰ ৰজাবাৰীত এন আই ডিত কোৱাৰেন্টাইনত ৰাখিছিল।

যুগল কছাৰীয়ে দিল্লীৰ আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত চিকিউৰিটী গাৰ্ডৰূপে কাৰ্যনিৰ্বাহ কৰাৰ বিপৰীতে সত্যব্ৰত দত্তই পঞ্জাৱৰ লুধিয়ানাত এটা ছফটৱেৰ কোম্পানীত অভিযন্ত্ৰাৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। যোৱা ৩১ মাৰ্চ তাৰিখে দুয়োজনে ৰে’লযোগে মৰিয়নিত নমাৰ পাছত তিতাবৰ অসামৰিক চিকিৎসালয়ত দুয়োজনৰে স্বাব পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰি দুয়োজনকে যোৰহাটৰ ৰজাবাৰী এন আই ডিত চৰকাৰী কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰে।

এসপ্তাহ কোৱাৰেণ্টাইন থকাৰ পাছত দুয়োজনকে দেওবাৰে যোৰহাট চিকিৎসা বিদ্যালয়ৰ চিকিৎসক ডাঃ এ কে শইকীয়াই ক’ভিড নিগেটিভ বুলি হোম কোৱাৰেণ্টাইনৰ বাবে পঠিয়াই দিয়ে। কিন্তু দুৰ্ভাগ্যজনকভাৱে নিশা ৯ বজাত যুগল শইকীয়াৰ স্বাস্হ্য পৰীক্ষাৰ নমুনাত ক’ভিড পজিটিভ বুলি প্ৰতিবেদন অহাত যোৰহাট জিলা প্ৰশাসন আৰু স্বাস্হ্যবিভাগৰ থৰকাছুটি হেৰায়। প্ৰশাসনে নিজৰ ব্যৰ্থতা আৰু চৰম দায়িত্বজ্ঞানহীনতা ঢাকিবলৈ বিভিন্ন কূটকৌশল কৰিও জনচক্ষুৰপৰা বিষয়টো লুকুৱাব নোৱাৰিলে।

কাৰণ দিনৰ ২ বজাৰপৰা নিশা ৯ বজালৈকে বহু দেৰি হৈ গৈছিল। ৭ ঘণ্টাৰ এই ব্যৱধানত যোৰহাটৰপৰা তেওঁলোক দুয়োজনকে লৈ অহা গাড়ীখনৰ চালক পাপু শইকীয়াৰপৰা জানিব পৰা মতে যুগল শইকীয়া নামৰ যিগৰাকী ব্যক্তিৰ কৰ’না পজিটিভ বুলি খবৰ ওলাইছে সেইগৰাকী ব্যক্তিয়ে কালি যোৰহাটৰপৰা তিতাবৰৰ বৰপাচিলৈ অহা যাত্ৰাপথত বিভিন্ন স্হানত নামি বিভিন্নজনৰ সংস্পৰ্শলৈ আহিছিল। প্ৰথমে তেওঁ তিতাবৰৰ ষ্টেচন তিনিআলিত নামি “প্ৰবীনচ” নামৰ এখন শ্বপিং ম’লত বজাৰ কৰে আৰু পাপু শইকীয়াই নিজে এখন পাণ দোকানত পাণ খায়। ইয়াৰ পিছতে তেওঁলোকৰ লগত সহযাত্ৰী হৈ অহা সত্যব্ৰত দত্তক গাড়ীৰপৰা নমাই বৰহোলা দিশেৰে গতি কৰোতে তিতাবৰ তিনিআলিৰ মাজগাঁৱৰ এচবিআই এ টি এমৰ পৰা পইচা উলিয়ায়।

এ টি এমৰপৰা টকা সংগ্ৰহ কৰাৰ পাছত যুগল শইকীয়াই পুনৰ মাধপুৰত গাড়ী ৰখাই এখন ৱাইন শ্ব’পত প্ৰৱেশ কৰাৰ পাচত পাপু শইকীয়াই বৰপাচিৰ নিজা ঘৰত নমাই তেওঁ পুনৰ মাধপুৰৰ নিজ ঘৰলৈ উভতি আহে। কিন্তু নিশা ৯ বজাত পাপু শইকীয়াক তিতাবৰৰ প্ৰশাসনৰ কোনো বিশেষ বিষয়াই কথা আছে বুলি ততালিকে তিতাবৰ অসামৰিক চিকিৎসালয়লৈ গাড়ীখন লগত লৈ আহিবলৈ নিৰ্দেশ দিয়ে। চিকিৎসালয়ত উপস্হিত হোৱাৰ পাছত প্ৰশাসনৰ লোকে তেওঁক ৭২ ঘণ্টা চিকিৎসালয়ত কোৱাণ্টাৰাইন হৈ থাকিবলৈ নিৰ্দেশ দিয়ে। অন্যহাতে সত্যব্ৰত দত্ত নামৰ লোকজনকো চিকিৎসালয় কৰ্তৃপক্ষই নিজৰ জিম্মাত লয়।

যুগল শইকীয়াক নিশাই ১০৮ গাড়ীৰে আনি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ততালিকে স্বাস্হ্যবিভাগৰ লোকে ভৰ্ত্তি কৰোৱায়। দেওবাৰে নিশাৰ ভাগত সংঘটিত হোৱা এই ঘটনাৰ পাচতে তিতাবৰত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে। প্ৰশাসনে তাৎক্ষণিকভাৱে তিতাবৰৰ প্ৰবীনচ শ্বপিং ম’ল, এ টি এম আৰু মাধপুৰৰ ৱাইন শ্বপখন দুদিনৰ বাবে বন্ধ কৰিছে। অন্যহাতে ব্যক্তিকেইজনৰ পৰিয়ালসমূহকো হোম কোৱাৰাণ্টাইনত থাকিবলৈ প্ৰশাসনে নিৰ্দেশ দিছে।

সাতঘণ্টাৰ সময়ৰ ব্যৱধানত ক’ৰ’না আক্ৰান্ত ব্যক্তিগৰাকীৰ সংস্পৰ্শলৈ কোন কোন ব্যক্তি আহিছিল তাৰো তদন্ত আৰম্ভ কৰিছে। সমান্তৰালভাৱে স্বাস্হ্য পৰীক্ষাৰ সম্পূৰ্ণ প্ৰতিবেদন নিশ্চিত নোহোৱাকৈ কিয় আৰু কি পৰিস্হিতিত ব্যক্তিজনক ঘৰলৈ অহাৰ অনুমতি প্ৰদান কৰিলে তাক লৈ ব্যাপক অসন্তুষ্টিয়ে বিৰাজ কৰিছে। অন্য এক খবৰ অনুসৰি তিতাবৰৰ চৰাইপানী বাগানতো বহিঃৰাজ্যৰপৰা অহা অন্য এগৰাকী যুৱতীৰ দেহত ক’ৰ’না পজিটিভ অহা বুলি নিশ্চিত হৈছে। দিল্লীৰপৰা অহা যুৱতীগৰাকীয়ে নিজৰ ঘৰতে হোম কোৱাণ্টাৰাইনত আছিল বুলি প্ৰশাসনে জানিবলৈ দিছে।

Exit mobile version