চাইবেৰিয়াত ডিজেল নিৰ্গত :সলনি হ’ল নদীৰ পানীৰ বৰণ

4bsLEeBFarM9yW6uethlvV

হঠাতে নদীৰ পানীয়ে বৰণ সলনি কৰিবলৈ লৈছে সুমেৰুত । বৰণ সলনি কৰি নদীৰ পানী হৈ পৰিছে ৰঙা । ব্ৰহ্মপুৱাতে নদীৰ পানীৰ বৰণ সলনি হোৱা দেখি চমকি উঠিছে বাসিন্দাসকল । তথ্য অনুসৰি ছাইবেৰিয়াত থকা এটি কাৰখানাৰ পৰা বৃহৎ পৰিমাণৰ ডিজেল নিৰ্গত হোৱাৰ পাছত নদীৰ পানীৰ ৰং সলনি হয় । এই খবৰ গৈ মস্কো পোৱাৰ পাছতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ডাঙৰ বিপদৰ আশংকা কৰি অঞ্চলটোত জৰুৰী অৱস্থা ঘোষণা কৰে । ফলত স্থানীয় প্ৰশাসনে বিষয়টোৰ সন্দৰ্ভত অধিক সজাগ তথা সচেতন হ’বলৈ বাধ্য হৈছে । ৰাছিয়াৰ উত্তৰৰ নৰিলস্ক নামৰ চহৰখনত থকা এটি নিকেল কাৰখানাৰ পৰাই বৈ আহিছে নিৰ্গত হোৱা ডিজেল । নিকেল তথা পালাডিয়াম উৎপাদনৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে এই কাৰখানাটোৰ নাম আছে । কাৰখানাটোৰ পৰা ডিজেল নিৰ্গত হোৱাৰ ঘটনাই ইতিমধ্যে বহু দিন পাৰ কৰিছে ।

দীর্ঘ সময়ৰ পাছতহে ঘটনাটি প্ৰশাসনৰ দৃষ্টিগোচৰলৈ আহে; কিন্ত ডিজেল নিৰ্গত হৈ থকাটো প্ৰত্যক্ষ কৰাৰ পাছতো প্ৰশাসনে নিৰ্দ্ধাৰণ কৰিব পৰা নাছিল ভৱিষ্যত কাৰ্যপন্থা । ফলত প্ৰশাসনৰ এনে দায়িত্বহীনতাক লৈ তীব্ৰ সমালোচনাৰো সৃষ্টি হৈছে ।কাৰখানাৰ পৰা অহা ডিজেলে অন্তত দুখন নদীৰ পানীৰ বৰণ সলনি কৰিছে । ছ’চিয়েল মিডিয়াত নদীৰ পানীৰ বৰণ সলনি হোৱাৰ ছবি প্ৰকাশৰ পাছতহে প্ৰশাসনৰ সক্ৰিয়তা আৰম্ভ হয় । স্থানীয় গৱৰ্ণৰ আলেকজেণ্ডাৰ উচে এই সন্দৰ্ভত ৰাষ্ট্ৰপতি পুটিনৰ দৃষ্টিগোচৰ কৰে । কাৰখানাৰ মুখ্য বিষয়া ছেৰ্গেই লিপিনক চৰকাৰৰ ফালৰ পৰা এই বিষয়ত প্ৰশ্নত্ত কৰা হৈছে । ছ’চিয়েল মিডিয়াৰ ছবি দেখাৰ পাছতহে দুৰ্ঘটনাৰ কথা জানিব লাগিব নেকি বুলি কাৰখানাৰ মুখ্য বিষয়াজনক চৰকাৰৰ ফালৰ সকীয়নি দিয়া হৈছে ।

সমগ্ৰ ঘটনাটিৰ সম্প্ৰতি তদন্তৰ নিৰ্দেশ দিয়া হৈছে । নিৰ্গত হোৱা ডিজেল প্ৰায় ৩৫৯বৰ্গকিলোমিটাৰ জোৰা এটি অঞ্চলত বিয়পি পৰিছে । এই ডিজেল পৰিষ্কাৰ কৰিবলৈ ছাইবেৰিয়ালৈ বিশেষ এটি দল প্ৰেৰণ কৰা হৈছে । পৰিৱেশ বিজ্ঞানী একাংশৰ মতে, নিৰ্গত হোৱা ডিজেলে পৰিৱেশ যথেষ্ট বিষাক্ত কৰি তুলিছে । পৰিষ্কাৰ কাৰ্য কৰাৰ পাছতো প্ৰদূষণ ৰোধ কৰাটো সম্পূৰ্ণভাৱে সম্ভৱ নহ’ব বুলিও শংকা প্ৰকাশ কৰিছে পৰিৱেশ বিজ্ঞানীসকলে ।

Exit mobile version