ড’নাল্ড ট্ৰাম্পতকৈ অধিক জনপ্ৰিয়তা বাইডেনৰ

অহা নৱেম্বৰত আমেৰিকাত অনুষ্ঠিত হ’ব লগা মাৰ্কিন ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব জ’ বাইডেনে ৷ অহা আগষ্টত ডেম’ক্ৰেটিক দলৰ জাতীয় অভিৱৰ্তন অনুষ্ঠিত হ’ব আৰু এই বৈঠকতে বাইডেনৰ নাম ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা হ’ব ৷ উল্লেখযোগ্য যে দেওবাৰে বাইডেনে ৩৯৭৯ জন প্ৰতিনিধিৰ মাজৰ পৰা ১৯৯১ জনৰ সমৰ্থন লাভ কৰে ৷ ইয়াৰ জৰিয়তে বাইডেনে অহা তিনি নবেম্বৰত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিপ্লাব্লিকান দলৰ প্ৰাৰ্থী তথা বৰ্তমানৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ স’তে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব ৷

স্মৰ্ত্তব্য যে বাইডেনে পূৰ্বে আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ডেম’ক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থিত্বৰ যুঁজৰ পৰা বাৰ্ণি ছেণ্ডাৰ্ছ আঁতৰি যোৱাৰ পিছতে বাইডেনৰ দলৰ প্ৰাৰ্থিত্ব লাভ একপ্ৰকাৰ নিশ্চিত হৈছিল । ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থিত্ব লাভৰ পাছত সংবাদ মাধ্যমৰ আগত বাইডেনে ৰাষ্ট্ৰপতিৰ আগন্তুক নিৰ্বাচনত তেওঁৰ জয় নিশ্চিত বুলি দাবী কৰে ৷ ট্ৰাম্পৰ কঠোৰ সমালোচক হিচাপে পৰিচিত হোৱা বাইডেনৰ জনপ্ৰিয়তা সম্প্ৰতি আমেৰিকাত ট্ৰাম্পতকৈ অধিক হৈছে ।

Exit mobile version