- মাৰ্চৰ অন্তিম সপ্তাহৰ পৰা কৰ’নাৰ কাৰণে দেশৰ ছবিগৃহসমূহ অচল হৈ পৰিছে ৷ অৰ্থাৎ মুক্তি পোৱা নাই এখনো ছবি ৷ কৰ’না ভাইৰাছৰ কাৰণে দিয়া তলাবন্ধৰ পূৰ্বতে মুক্তি পাইছিল “কাময়াৱ” আৰু “অংগ্ৰেজী মিডিয়াম” ৷ শেহতীয়াকৈ ’”বমফাড়”, ধুমকেতু”, গুলাবী-চিতাৰে” আদি ছবি সমূহ চলচ্চিত্ৰ গৃহৰ পৰিৱৰ্তে ডিজিটেল প্লেটফৰ্মত মুক্তি দিবলৈ সাজু হৈছে প্ৰযোজক পৰিচালক ৷ গতিকে ছবিসমূহ ডিজিটেল প্লেটফৰ্মত মুক্তি পোৱাৰ পিছতে বৃহৎ লোকচানৰ সন্মুখীন হ’ব দেশৰ ছবিগৃহসমূহ । ইপিনে বলীউডৰ সকলো কলা কুশলীয়েই সম্প্ৰতি তলাবন্ধৰ কাৰণে বন্ধ হোৱা চিনেমাগৃহসমূহ খোলাৰ কাৰণে অপেক্ষা কৰি আছে । ছবি সমালোচক অতুল মোহনৰ মত অনুসৰি ছবি গৃহৰ মালিকসকলৰ প্ৰতিটো সপ্তাহত ৫৫ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে ।
- আজি হিন্দী ধাৰাবাহিক তথা বলীউডৰ প্ৰযোজক, পৰিচালক একতা কাপুৰৰ জন্ম দিন । প্ৰথমতে একতালৈ জন্ম দিনৰ বহুত শুভেচ্ছা ৷ বিগত বৰ্ষৰ দৰে এইবাৰো জন্ম দিনৰ দিনা মন্দিৰৰ বাহিৰৰ পৰাই একতাই দৰ্শন কৰিলে সিদ্ধি বিনায়ক ৷
- কৰ’নাৰ কাৰণে কৰ্মসংস্থাপনৰ হেৰুৱা লোকসকলক সম্প্ৰতি বলীউডৰ অভিনেত্ৰী ৰিচ্ছা চদ্দাই প্ৰদান কৰিছে চাকৰি ৷ ইয়াৰ বিপৰীতে টুইটাৰ যোগে ৰিচ্ছাই আৰ্তজনক দিয়া সংস্থাপনৰ কাৰণে সমালোচনাৰো সন্মুখীন হৈছে ৷
- মাস্ক পৰিধান নকৰাকৈ পত্নী কৰীনা আৰু পুত্ৰ টেইমুৰসহ নবাব চৈইফ আলী খান ওলাল ফুৰিবলৈ ৷ অনুৰাগীৰ প্ৰশ্ন “চেলীব্ৰেটীৰ কৰ’না নহয় নেকি?”
- ৰিচৰ্ড ড’কিন্স পুৰস্কাৰেৰে সন্মানিত হ’ল বলীউডৰ গীতিকাৰ জাভেদ আখতাৰ ৷ উল্লেখযোগ্য যে এই সন্মানেৰে সন্মানিত জাভেদ আখতাৰ হৈছে প্ৰথমজন ভাৰতীয় ৷