৭৫ দিন অন্তত ৰাজ্যক মঠ মন্দিৰসমূহ সাধাৰণ ভক্তৰ বাবে মুকলি কৰা হয়। কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰা তলাবন্ধৰ পৰিপ্ৰেক্ষিতত এই মঠ-মন্দিৰসমূহ যোৱা ২২ মাৰ্চৰ পৰা বন্ধ হৈ আছিল । সোমবাৰৰ পৰা পুনৰ চৰকাৰে নিদিষ্ট নীতি নিয়ম মাজেৰে মঠ মন্দিৰ সমূহ খোলাৰ নিৰ্দেশ দিয়াত মহানগৰীৰ ঐতিহ্যমণ্ডিত উগ্ৰতাৰা দেৱালয়কে ধৰি বহু মঠ-মন্দিৰসমূহ সাধাৰণ দৰ্শনাৰ্থীৰ বাবে দুৱাৰ মুকলি কৰা হয়।