অহা আগষ্টৰ পাছতহে পুনৰ মুকলি হ’ব দেশৰ সকলো স্কুল-কলেজৰ দুৱাৰ। এইদৰে কয় কেন্দ্ৰীয় মানৱ সম্পদ ৰমেশ নিশাংক পোখৰিয়ালে। অৱশ্যে স্কুল-কলেজ মুকলি হ’লেও কৰ’না ভাইৰাছৰ সংক্ৰমণ এৰাই চলিবলৈ স্বাস্থ্যবিধি সংক্ৰান্তীয় সকলো ধৰণৰ সাৱধানতা যাতে মানি চলা হয়, তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগিব সংশ্লিষ্ট কৰ্তৃপক্ষই। বিগত মাৰ্চৰ মাজৰভাগৰ পৰা কৰ’না প্ৰতিৰোধৰ বাবে দেশৰ সকলো স্কুল-কলেজ বন্ধ দিয়া হয়। কেতিয়া স্কুল – কলেজ পুনৰ মুকলি হ’ব তাকে লৈ দেশজুৰি অব্যাহত আছে উৎকণ্ঠা। পোখৰিয়ালে জনোৱা মতে, সম্ভৱত ১৫ আগষ্টৰ পাছত বিদ্যালয়ো মুকলি হ’ব। তেওঁ কয়, ‘অহা ১৫ আগষ্টৰ ভিতৰত সকলো পৰীক্ষাৰ ফলাফল ঘোষণাৰ চেষ্টা কৰা হৈছে। অথাৎ যিসকল পৰীক্ষা পূৰ্বে হৈ গৈছে আৰু এতিয়া যি পৰীক্ষা হৈছে, সেই সকলো পৰীক্ষাৰ ফলাফল।’ শিক্ষকসকলৰ বাবে মাস্ক, গ্ল’ভছ পৰিধান বাধ্যতামূলক কৰা হ’ব। তদুপৰি স্কুল কৰ্তৃপক্ষই থাৰ্মেল স্ক্ৰীণিঙৰ ব্যৱস্থা কৰিব লাগিব।
১৫ আগষ্টৰ পাছতহে খুলিব স্কুল কলেজ : মানৱ সম্পদ উন্নয়ন মন্ত্ৰী
-
By publisher

ADVERTISEMENT
Related Content
Trump-Zelenskyy Row:ইউক্ৰেইনক আত্মসমৰ্পণ কৰিবলৈ হেঁচা ট্রাম্পৰ ’!
By
publisher
March 4, 2025
Volga to Brahmaputra Cyclothon:অসম পৰ্যটনৰ প্ৰচাৰ চলাই ১২০ দিনত অতিক্ৰমি ৯,০০০ কিলোমিটাৰ
By
publisher
March 4, 2025
Suppreme Court :আৰক্ষীৰ ক্ষমতাৰ অপব্যৱহাৰৰ স্বৰূপ উদঙালে উচ্চতম ন্যায়ালয়ে
By
publisher
March 4, 2025
State Home Dept. Report:ঘোষিত ২৫৮ অনুপ্ৰৱেশকাৰীক শিবিৰত পোহপালৰ বাবদ বছৰি ৬০ লক্ষাধিক টকা ব্যয়
By
publisher
March 4, 2025