তলাবন্ধৰ মাজতে অসমীয়া ছবিজগতলৈ সুখবৰ

তলাবন্ধৰ সময়তে অসমীয়া ছবি জগতলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে হোমেন বৰগোহাঞিৰ চৰ্চিত উপন্যাস “সুবালা” আধাৰত নিৰ্মিত “সুবালা দা ডাৰ্কনেছ উইদিনে” । কাৰণ ইংলেণ্ডৰ আগশাৰীৰ চলচ্চিত্ৰ মহোৎসৱ লিফ্ট অৱ চেছনছৰ প্ৰতিযোগিতাৰ শাখাত প্ৰদৰ্শনৰ কাৰণে নিৰ্বাচিত হৈছে “সুবালা দা ডাৰ্কনেছ উইদিন” ৷ আজান ফিল্মছৰ বেনাৰত নিৰ্মিত আব্দুল মান্নান ফাৰুক আৰু আব্দুল মুক্তাদিয়ে প্ৰযোজনা কৰা ছবিখনৰ পৰিচালক মুন্না আহমেদ ।

ছবিখন লণ্ডন আৰু আমেৰিকাৰ হলীউড চলচ্চিত্ৰ মহোৎসৱত দুটা প্ৰদৰ্শনী অনুষ্ঠিত হ’ব । ছবিখনত অভিনয় কৰিছে হিন্দী, তামিল, তেলেগু ভাষাৰ কে’বাখনো ছবিত শক্তিশালী অভিনয় কৰা উৰ্মিলা মহন্তৰ উপৰিও অতুল পাচনি, প্ৰতিভা চৌধুৰী, হিমাংশু প্ৰসাদ দাস, প্ৰণামী দাস, শিশু শিল্পী অপ্সৰা দাস আদিয়ে । ইতিমধ্যে চেঞ্চৰ বৰ্ডৰ পৰা কেৱল প্ৰাপ্তবয়স্ক দৰ্শকৰ বাবে প্ৰদৰ্শনৰ “এ” প্ৰমাণপত্ৰ লাভ কৰা ছবিখনৰ আৱহ সংগীত তৰালী শৰ্মাৰ  ৷দৃশ্য গ্ৰহণ কৰিছে সুমন দুৱৰাই ৷ ছবিখন আগন্তুক নৱবৰ্ষত মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে ৷

Exit mobile version