তেজৰ ‘এ’ গ্ৰুপৰ লোকৰ মাজত কৰ’নাত আক্ৰান্তৰ সম্ভাৱনা ৫০ শতাংশ অধিক

coronavirus test
‘এ’ ব্লাড গ্ৰুপৰ লোকসকলৰ মাজত কৰ’নাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অতি বেছি ।জাৰ্মানীৰ এখন বিশ্ববিদ্যালয়ৰ এদল বিজ্ঞানীৰ গৱেষণাত এই কথা সন্মুখলৈ আহিছে ।বিশ্ববিদ্যালয় খনৰ বিজ্ঞানীসকলে স্পষ্ট কৰি দিয়াৰ অনুসৰি অন্যান্য তেজৰ গ্ৰুপৰ লোকসকলতকৈ ‘এ’ ব্লাড গ্ৰুপৰ লোকসকলৰ মাজত এই ক্ষেত্ৰত ৫০ শতাংশ সম্ভাৱনা অধিক ।
আজি পৰ্যন্ত সমগ্ৰ বিশ্বত মুঠতে ৭১লাখ সাত হেজাৰ ৭০১গৰাকী লোক কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।এই পৰ্যন্ত বিশ্বৰ চাৰি লক্ষাধিক  লোকক কৰ’না ভাইৰাছে প্ৰাণ কাঢ়ি নিছে ।ভাৰতত পৰিস্থিতি ক্ৰমান্বয়ে অধিক ভয়াবহ হৈ গৈ আছে ।ভাৰতত মৃতকৰ সংখ্যাই সাত হেজাৰ অতিক্ৰম কৰিছে।সমগ্ৰ বিশ্বত কৰ’নাই ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তে ‘এ’ ব্লাড গ্ৰুপক লৈ এই আশংকা ব্যক্ত কৰাত একাংশ লোক অধিক সন্ত্ৰাসিত হৈ পৰিছে।জাৰ্মানীৰ কিয়েল বিশ্ববিদ্যালয়ৰ গৱেষকসকলে ১৬শৰো অধিক কৰ’নাত আক্ৰান্তৰ মাজত চলোৱা সমীক্ষাৰ অন্তত এই সম্ভাৱনাৰ কথা সন্মুখলৈ আহে ।
এই গৱেষণাত বিভিন্ন বয়সৰ মুঠতে ২,২০৫ গৰাকী ডি এন এৰ গঠন তথা তেজৰ গ্ৰুপৰ পৰীক্ষা কৰাৰ পাছত বিজ্ঞানীসকলে এক নিৰ্দিষ্ট সিদ্ধান্তলৈ আহিবলৈ সক্ষম হয়।জাৰ্মান গৱেষকসকলে সমীক্ষাৰ অন্তত দাবী কৰিছে যে কৰ’নাত ‘এ’ ব্লাড গ্ৰুপৰ লোকসকলেই সৰ্বাধিক সংখ্যাত আক্ৰান্ত হৈছে।একমাত্ৰ পাৰ হৈ যোৱা সময়তে নহয় ,আহিবলগীয়া সময়তো ‘এ’ তেজৰ গ্ৰুপৰ লোকসকলেই কৰ’নাত অধিক ৰূপত আক্ৰান্ত হ’ব বুলিও গৱেষকসকলে আশংকা প্ৰকাশ কৰিছে ।
কৰ’নাত আক্ৰান্ত হোৱাসকলৰ লগতে মৃত্যু হোৱাসকলৰ  মাজতো তেজৰ ‘এ’ গ্ৰুপৰ লোকৰ সংখ্যাই অধিক ।গৱেষকসকলে কৰ’নাত আক্ৰান্ত হোৱাৰ স’তে তেজৰ গ্ৰুপৰ এটা বৃহৎ যোগসূত্ৰ আছে বুলিও দাবী কৰিছে।জাৰ্মান বিজ্ঞানীসকলে জনোৱা অনুসৰি তেজৰ ‘এ’ গ্ৰুপৰ লোকসকলৰ মাজত কৰ’নাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা যিদৰে অধিক ,তেনেদৰেই তেজৰ ‘অ’ গ্ৰুপৰ লোকসকলৰ মাজত কৰ’নাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অতি কম ।
কিন্ত এই গৱেষণাক লৈ প্ৰশ্ন উত্থাপন হৈছে স্বয়ং বিজ্ঞানী মহলৰ পৰাই ।এই গৱেষণাক লৈ  যথেষ্ট সীমাবদ্ধ তথা অসম্পূৰ্ণ বুলিও দাবী কৰিছে জাৰ্মানীৰ বাহিৰৰ বিজ্ঞানী মহলে ।কিয়নো এই সমীক্ষাত একমাত্ৰ জাৰ্মানীৰ কেইখনমান হাস্পতালৰ কৰ’না আক্ৰান্তৰ তথ্যহে সংগ্ৰহ কৰা হৈছিল।সেয়েহে গৱেষকসকলৰ দাবীক বিশ্বৰ অন্যান্য দেশৰ বিজ্ঞানীসকলে অধিক গুৰুত্ব দিব বিচৰা নাই ।
Exit mobile version