মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা বিটিআৰ চুক্তি স্বাক্ষৰকাৰীৰ

053380e5 1738 4d7b 9acb 6c0116776f91
বড়ো শান্তি চুক্তি স্বাক্ষৰকাৰী একাংশ নেতাই আজি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সৈতে আলোচনাত মিলিত হয়। গুৱাহাটীৰ খানাপাৰাস্থিত প্ৰশাসনিক মহাবিদ্যালয়ত আবেলি ৪:৩০ বজাত অনুষ্ঠিত এই আলোচনাত উপস্থিত থাকে প্ৰমোদ বড়ো, গোবিন্দ বসুমতাৰী, বি আৰ ফেৰেংগা, লৰেঞ্চ ইছলাৰী আৰু এবছু সভাপতি দ্বীপেন বড়ো।
বিশেষকৈ বড়োভূমিৰ তৃতীয় শান্তি চুক্তি বিটিআৰ স্বাক্ষৰ হোৱাৰ পাছত চুক্তিখন ৰূপায়ন, অস্ত্ৰ ত্যাগ কৰি মচল সূতিলৈ অহা তথা আটাইকেইটা এনডিএফবি গোটৰ কেডাৰসকলৰ পুনৰ সংস্থাপন আৰু অসমীয়া ভাষা আইন-২০২০ৰ বিষয়ে সভাখনত আলোচনা কৰা হয়। আলোচনাৰ অন্তত এয়া এক ফলপ্ৰসু তথা সন্তোষজনক আলোচনা আখ্যা দিয়ে এবছু সভাপতি দ্বিপেন বড়োৱে।
উল্লেখ্য যে বিগত ২৭ জানুৱাৰী তাৰিখে এনডিএফবিৰ আটাইকেইটা গোটৰ নেতৃত্ব, এবছু নেতৃত্ব, কেন্দ্ৰীয়-ৰাজ্য-বিটিচি চৰকাৰৰ নেতৃত্বৰ উপস্থিতিত নতুন দিল্লীত বড়ো শান্তি চুক্তি বিটিআৰ স্বাক্ষৰিত হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত এনডিএফবিয়ে সশস্ত্ৰ পন্থা ত্যাগ কৰাৰ লগতে ১০ মাৰ্চত চুক্তিৰ নিয়ম অনুসৰি এন ডি এফ বি ভঙ্গ কৰি সকলো কেডাৰ নিজ নিজ ডেজিগনেটেড কেম্পৰ পৰা ঘৰলৈ গৈছিল। ফলত কেডাৰসকলৰ জীৱিকা তথা সংস্থাপনৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাৰ পৰিপ্ৰেক্ষিতত আজি বিটিআৰ চুক্তি স্বাক্ষৰকাৰী একাংশ নেতাই মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত বহা বিষয়টোৱে তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।
Exit mobile version