শেহতীয়াভাৱে দেখা দিয়া মতভেদ যাতে বিবাদত পৰিণত নহয় তাৰ প্ৰতি চীন সদাসতৰ্কঃবেইজিং

Bumla borderr 20190102 402 602

লাডাখক লৈ বিগত এমাহ ধৰি ভাৰত চীনৰ মাজত উদ্ভৱ হোৱা সংঘাতৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে চীনে ৷ যোৱা শুকুৰবাৰে কুটনৈতিক পৰ্যায়ত আলোচনা হোৱাৰ পিছত শনিবাৰে ভাৰত চীনৰ মাজত সামৰিক বিষয়াৰ এক বৈঠক অনুষ্ঠিত হৈছিল । এই বৈঠকৰ পাছতে প্ৰথমবাৰৰ বাবে চীনে আনুষ্ঠানিকভাৱে লাডাখ সংঘাত সন্দৰ্ভত মুখ খুলিলে । চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ সূত্ৰই কয় যে শেহতীয়াভাৱে দেখা দিয়া মতভেদ যাতে বিবাদত পৰিণত নহয় ৷ তাৰ প্ৰতি চীনে সতৰ্কতা সদায় অৱলম্বন কৰি আহিছে ।

চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা সিদ্ধান্ত উভয় দেশে মানি চলি দেখা দিয়া মতভেদ দূৰ কৰাৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি চীনৰ বৈদেশিক মন্ত্ৰণালয়ে উক্ত বিবৃতিত উল্লেখ কৰে ৷ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ হুয়া চুনিঙে কয় যে ভাৰত চীনৰ সামৰিক বিষয়াৰ আলোচনা অনুষ্ঠিত হৈছিল । আৰু উভয় দেশে সীমান্তৰ পৰিস্থিতিৰ সন্দৰ্ভত মত বিনিময় কৰিলে । পৰিস্থিতি সম্প্ৰতি সুস্থিৰ আৰু নিয়ন্ত্ৰণত আছে বুলি দাবী কৰি চীনৰ বৈদেশিক মন্ত্ৰণালয়ে লগতে কয় যে ভাৰত চীন উভয়ে সীমান্তত শান্তি আৰু মৈত্ৰীৰ পৰিস্থিতি বৰ্তাই ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷

Exit mobile version