আই আই টিৰ শিক্ষাৰ্থীৰ বিশেষ কৃতিত্ব

IMG 20200608 142006 e1591804915401

আই আই টি গুৱাহাটীৰ শিক্ষাৰ্থীৰ ন ন উদ্ভাৱনে সততে চমক সৃষ্টি কৰিছে দেশত । তথ্য প্ৰযুক্তি  প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থীৰ ইটোৰ পিছত সিটো উদ্ভাৱন ,মানৱ জাতিৰ কল্যাণত উৎসৰ্গিত হোৱাত চৰ্চাৰ সৃষ্টি হৈছে । এইবাৰ আন এক অভিনৱ উদ্ভাৱন গুৱাহাটী আই আই টিৰ শিক্ষাৰ্থীৰ । কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ পৰা বিমান যাত্ৰীক সকাহ দিয়াৰ উদ্দেশ্যে মোবাইল এপ উদ্ভাৱন কৰিছে গুৱাহাটী আই আই টিৰ শিক্ষাৰ্থীয়ে । ইয়াৰ দ্বাৰা বিমানবন্দৰত ইজন সিজন যাত্ৰীৰ মাজত কণ্ট্ৰেকলেছ মোবাইল এপৰ দ্বাৰা ক’ভিড সংক্ৰমণ প্ৰতিৰোধ কৰিব পৰা যাব । আই আই টি গুৱাহাটীৰ কেমিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ দিপক মিনা, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ হংসৰাজ পেটেল আৰু সহযোগী ছাত্ৰই উদ্ভ্ৰাৱন কৰিছে এই ষ্টাৰ্টআপ এপ ।

ADVERTISEMENT

এই এপৰ দ্বাৰা এয়াৰপ’ৰ্টৰ প্ৰায়সংখ্যক কামেই প্ৰত্যক্ষ সংযোগ অবিহনে কৰিব পৰা যাব বুলি দাবী কৰিছে, উদ্ভাৱক ছাত্ৰগোটে । আই আই টি গুৱাহাটীৰ ছাত্ৰৰ কণ্ট্ৰেকলেছ মবাইল এপৰ নাম ৰখা হৈছে  FLYZY । আই আই টি গুৱাহটীৰ FLYZY কৰ’ণা প্ৰতিৰোধৰ বাবে গুৱাহটী এয়াৰপ’ৰ্টকে ধৰি দেশৰ চাৰিটা এয়াৰপ’ৰ্টত ব্যবহাৰৰ অনুমতি লাভ কৰিছে ।গুৱাহাটী আই আই টিৰ ডীণ তথা প্ৰফেচাৰ পি কে লায়াৰে এই কথা সদৰি কৰি কয় যে তেওঁলোক FLYZYক লৈ যথেষ্ট আশাবাদী ৷ উল্লেখযোগ্য যে মানৱ কল্যাণত, আই আই টি গুৱাহাটীৰ ন ন উদ্ভাৱনে পূৰ্বৰে পৰা আনন্দৰ জোঁৱাৰ তুলিছে সকলোৰে মনত । যুগান্তৰকাৰী উদ্ভাৱন কণ্ট্ৰেকলেছ এপে অনাগত দিনত ক’ভিড ৰোগ প্ৰতিৰোধত গুৰুত্বপুৰ্ণ ভুমিকা যে লব সেয়া নিশ্চিত ।

Exit mobile version