কনটেইনমেণ্ট জ’নৰ ৩০ শতাংশই কৰ’না আক্ৰান্ত হ’লেও সুস্থও হৈ উঠিছে

examining coronavirus covid 19 medical samples on kits novel corona picture id1213671473

দেশজুৰি কনটেইনমেণ্ট জ’নৰ বাসিন্দাসকলৰ ১৫ৰ পৰা ৩০ শতাংশই ইতিমধ্যে ক’ভিড-১৯ ৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে। অৱশ্যে ইতিমধ্যে তেওঁলোক সুস্থ হৈ উঠিছে । ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ(আই চি এম আৰ )ৰ প্ৰথম দেশজোৰা জনসংখ্যাভিত্তিক ছেৰ’লজিকেল সমীক্ষাই এই তথ্য সদৰী কৰে । সমীক্ষাটোৰ মতে অন্যান্য ৰাজ্যৰ কনটেইনমেণ্ট জ’নৰ তুলনাত মুম্বাই, পুনে, দিল্লী, আহমেদাবাদ আৰু ইন্দোৰত সংক্ৰমণৰ হাৰ বহু বেছি । এই সমীক্ষাৰ ফলাফলে আন এক আশাৰ বতৰা কঢ়িয়াইছে । ক’ভিড-১৯ৰ ভাইৰাছৰ বিৰুদ্ধে বিগত ছমাহ যুঁজ দি আমাৰ দেহৰ অস্বাভাৱিক প্ৰতিৰোধ ব্যৱস্থা গঢ়ি উঠিছে নে নাই, সেই বিষয়ে সমীক্ষা কৰা হোৱা নাছিল যদিও এই অধ্যয়নপ্ৰাপ্ত ফলাফলত দেখা গৈছে যে ভাৰতত ধীৰে ধীৰে এই ভাইৰাছৰ বিৰুদ্ধে আমাৰ শৰীৰত স্বাভাৱিক প্ৰতিৰোধ ব্যৱস্থা গঢ়ি উঠিছে ।

বিশেষজ্ঞসকলৰ মতে এই প্ৰৱণতাই স্পষ্ট কৰে যে আমাৰ দেহৰ স্বাভাৱিক প্ৰতিৰোধ ক্ষমতা প্ৰথম গঢ়ি উঠিব কনটেইনমেণ্ট জ’নৰ বাসিন্দাসকলৰ মাজতে । বিশেষজ্ঞসকলৰ মতে যিসকল ইতিমধ্যে ক’ভিড-১৯ত আক্ৰান্ত হৈছে আৰু পাছত সুস্থ হৈছে তেওঁলোকৰ শৰীৰত এন্টিবডি গঢ় লৈছে । ফলত তেওঁলোকৰ দেহত এই ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ স্বাভাৱিক প্ৰতিৰোধ ক্ষমতা ইতিমধ্যে গঢ়ি উঠিছে । আই চি এম আৰে জনোৱা মতে বিভিন্ন ৰাজ্য চৰকাৰ, ‘নেচনেল চেণ্টাৰ ফ’ৰ ডিজিত ক্ন্ট্ৰ’ল (এন চি ডি চি) আৰু বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ ভাৰতীয় কাৰ্যালয়ৰ সহাযোগিতাত দেশৰ ৭০খন জিলাৰ প্ৰায় ২৪ হেজাৰ লোকৰ তেজৰ নমুনা পৰীক্ষা কৰি এই সমীক্ষা কৰা হৈছে।’

Exit mobile version