বলীউডৰ অভিনেতা আমিৰ খানৰ ছবি বুলি ক’লে মনলৈ আহে “ছুপাৰহিট” শব্দটো ৷ কাৰণ অভিনয়ৰ ক্ষেত্ৰখনত সকলো ফালৰ পৰা নিপুণতাৰে ভৰপূৰ আমিৰৰ ছবিসমূহ অনুৰাগী সকলৰ কাৰণে উৎসৱৰ দৰে ৷ কিন্তু তলাবন্ধৰ কাৰণে অন্য ছবিসমূহৰ সমান্তৰালভাৱে পিছ পৰি ৰৈ লাল সিং চড্ডাও ৷ আমিৰৰ লাল সিং চড্ডা ছবিখন চলিত বৰ্ষতেই মুক্তি পোৱাৰ কথা আছিল যদিও কৰ’না ভাইৰাছৰ কাৰণে ছবিখনৰ দৃশ্য গ্ৰহণ স্থগিত কৰা হয় ।
সম্প্ৰতি শেহতীয়া তথ্য অনুসৰি ছবিখনৰ নিৰ্মাতাসকলৰ মতে লাল সিং চড্ডাৰ কাহিনীত কৰ’না ভাইৰাছৰ ভয়াৱহতাক সন্নিবিষ্ট কৰিব ৷ ছবিখনত যিহেতু ইতিহাসৰ কিছুমান ঘটনাক চিত্ৰায়িত কৰা হ’ব ৷ নিৰ্মাতাসকলৰ অনুভৱ যে ইতিহাস ঘটনাৰ ওপৰত সম্বলিত লাল সিং চড্ডাত যদি কৰ’না ভাইৰাছক সন্নিবিষ্ট নকৰে তেন্তে কাহিনী আধৰুৱা হ’ব ৷ তলাবন্ধৰ শিথিল হোৱাৰ পৰিপ্ৰেক্ষিতত সকলো নীতি নিয়ম মানি চলি দৃশ্য গ্ৰহণ আৰম্ভ হ’ব ৷ ছবিখন হলীউডৰ ছবি “ফৰেষ্ট গম্প”ৰ ওপৰত আধাৰিত। উল্লেখযোগ্য যে ২০১৮ চনতে আমিৰৰ শেষৰখন ছবি মুক্তি লাভ কৰিছিল ৷