National Awards:✒️শুকুৰবাৰে ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ ঘোষণা কৰা হয়। ইয়াত এক সংবাদমেলত কাহিনী ছবিৰ জুৰীৰ অধ্যক্ষ আশুতোষ গোৱাৰিকাৰ, অকাহিনী ছবিৰ জুৰীৰ অধ্যক্ষ পি শেষাদ্রী, যুটীয়া সচিব ড° অজয় নাগভূষণ এম এম আৰু পিআইবিৰ সঞ্চালক প্রধান মাট্ট জে পি সিঙে ঘোষণা কৰে যে হিন্দী ভাষাৰ ‘টুৱেল ফেইল’ শ্রেষ্ঠ ছবিৰূপে নির্বাচিত হয়।
শ্রেষ্ঠ অভিনেতা যুটীয়াভাৱে নির্বাচিত হয় হিন্দী ভাষাৰ ‘জৱান’ ছবিৰ বাবে শ্বাহৰুখ খান আৰু ‘টুৱেলঙ্গ ফেইল’ৰ বাবে বিক্রান্ত মেছীয়ে। শ্রেষ্ঠ অভিনেত্রী নির্বাচিত হয় হিন্দী ভাষাৰ ছবি ‘মিচেছ চেৰ্টাৰ্জী ভাৰ্চেছ নৰৱে’ৰ বাবে ৰাণী মুখার্জী।
উল্লেখ্য যে তিনি দশকজোৰা বৰ্ণাঢ্য অভিনয় জীৱনত এই প্ৰথমবাৰলৈ মেগাষ্টাৰ শ্বাহৰুখ খানে শ্রেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হ’ল।
ইপিনে, এই প্রতিযোগিতাত শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে ‘দ্য কেৰালা ষ্ট’ৰী’ নামৰ বহু বিতর্কিত ছবিখনৰ বাবে সুদীপ্ত সেনে। এইবাৰ শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বঁটা যৌথভাৱে লাভ কৰে মালয়ালম ভাষাৰ ‘পুক্কালাম’ ছবিৰ বাবে প্রবীণ অভিনেতা বিজয়াৰাঘৱন আৰু তামিল ছবি ‘পার্কিং’ৰ বাবে মুখুপেট্টাই ভাস্কৰে।
প্ৰতিযোগিতাত সামগ্রিকভাৱে সর্বাধিক জনপ্রিয় ছবিৰ বঁটা লাভ কৰে হিন্দী ভাষাৰ ‘ৰকী অ’ৰ ৰাণী কী প্রেম কাহানী’য়ে। শ্রেষ্ঠ সংগীত পৰিচালকৰ বঁটাও এইবাৰ যৌথভাৱে প্ৰদান কৰা হয়। এই বঁটা লাভ কৰে তামিল ছবি ‘ভাত্থি’ৰ গীতৰ বাবে ভি প্রকাশ কুমাৰ আৰু হিন্দী ছবি ‘এনিমেল’ৰ আৱহ সংগীতৰ হৰ্ষবর্ধন ৰামেশ্বৰে।
শ্রেষ্ঠ পুৰুষ কণ্ঠশিল্পী নির্বাচিত হয় তেলুগু ভাষাৰ ‘বেবী’ ছবিৰ বাবে পিভিএন এছ ৰোহিত। শ্রেষ্ঠ মহিলা কণ্ঠশিল্পীৰ বঁটা লাভ কৰে হিন্দী ভাষাৰ ‘জৱান’ ছবিৰ বাবে শিল্পা ৰাওৱে। শ্রেষ্ঠ দৃশ্যগ্ৰহণকাৰীৰ বঁটা ‘দ্য কেৰালা ষ্ট’ৰী’ৰ বাবে প্রশান্তনু মহাপাত্রই লাভ কৰে।
এইবাৰ তিনিখন ছবিলৈ শ্রেষ্ঠ চিত্ৰনাট্যৰ বঁটা আগবঢ়োৱা হৈছে। ছবিকেইখন হ’ল- তেলুগু ভাষাৰ ‘বেবী’, তামিলৰ ‘পার্কিং’ আৰু হিন্দী ভাষাৰ ‘ছিফ এক বণ্ডা কাফী হো’। ‘এনিমেল’ ছবিখনে শ্রেষ্ঠ ছাউণ্ড ডিজাইনিং, ‘পক্কালামে’ শ্রেষ্ঠ সম্পাদনা আৰু মালয়ালম ভাষাৰ ‘২০১৮-এভ্রিৱান ইজ এ হিৰ” ছবিখনে শ্রেষ্ঠ প্ৰডাকছন বঁটা লাভ কৰে।
শ্রেষ্ঠ গীতিকাৰৰ বঁটা লাভ কৰে তেলুগু ভাষা ‘বালাগম’ ছবিৰ বাবে কাছাৰলা শ্যামে। শ্রেষ্ঠ নৃত্য পৰিচালকৰ বঁটা লাভ কৰে ‘ৰকি অ’ৰ ৰাণী কী প্রেম কাহানী’ৰ বাবে বৈভৱী মাৰ্ছেন্টে।
শ্রেষ্ঠ শিশু ছবিৰ বঁটা লাভ কৰে মাৰাঠী ভাষাৰ ‘নালটু’য়ে। ৰাষ্ট্ৰীয়-সামাজিক-পৰিৱেশ সম্পৰ্কীয় বার্তা বহন কৰা শ্রেষ্ঠ ছবিৰ বঁটা লাভ কৰে মেঘনা গুলজাৰ পৰিচালিত হিন্দী ভাষাৰ ‘ছাম বাহাদুৰ’-এ।
এনিমেচন-ভিজুৱেল এপক্টত শ্রেষ্ঠ ছবিৰ বঁটা লাভ কৰে তেলুগু ভাষাৰ ‘হনুমেন’-এ। প্রতিযোগিতাত শ্রেষ্ঠ অকাহিনী ছবি নির্বাচিত হয় হিন্দী ভাষাৰ ‘ফ্লাৱাৰিং মেন’। শ্রেষ্ঠ চুটি ছবি নির্বাচিত হয় হিন্দী ভাষাৰ ‘গিধ দ্য স্কেভেঞ্জাৰ’।






























