তলাবন্ধৰ ফলত অৰ্থিক অভাৱত ভূগিছে ৰান্ধনিসকল

food fi

সমগ্ৰ বিশ্ব অতিমাৰী কৰ’নাৰ কৰাল গ্ৰাসত ৷ কৰ’নাই স্বাস্থ্যৰ লগে লগে আৰ্থিক ক্ষেত্ৰলৈয়ো নমায় আনিছে ঘোৰ অন্ধকাৰ ৷ কৰ্মহীন হৈ পৰিছে বিভিন্ন কৰ্মক্ষেত্ৰৰ লগত জড়িত বিভিন্নলোক ৷ দেশজুৰি পঞ্চম পৰ্যায়ৰ তলাববন্ধ শিথিল হৈছে যদিও এতিয়াও সামাজিক অনুষ্ঠান অনুষ্ঠিত কৰাত সম্পূৰ্ণভাৱে স্বাধীনতা দিয়া নাই চৰকাৰে ৷ যাৰ বাবে তীব্ৰ খাদ্য সংকট তথা আৰ্থিক অভাৱত ভূগিছে ৰান্ধনিসকল ৷ বিয়া-সবাহ, সামাজিক অনুষ্ঠান আদিত ভোজ-ভাত ৰান্ধি পেট প্ৰৱৰ্তন কৰি অহা এইসকল ৰান্ধনিৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা ৷ এই দুৰ্যোগৰ সময়তে পশ্চিম নলবাৰীৰ শতাধিক ৰান্ধনিয়ে সংঘবদ্ধভাৱে চৰকাৰৰ ওচৰত আৰ্থিক নিৰাপত্তা বিচাৰি দাবী উত্থাপন কৰিছে ৷

“পশ্চিম নলবাৰী ৰান্ধনি সন্থা” নামেৰে সন্থা এটাৰ জন্ম দি তেওঁলোকে প্ৰেছ বিবৃতি প্ৰকাশ কৰিছে ৷ সন্থাৰ সভাপতি ৰবীন্দ্ৰ শৰ্মা আৰু সম্পাদক অজিত গোস্বামী স্বাক্ষৰিত প্ৰেছ বিবৃতিটোত তেওঁলোকে সন্মুখীন হোৱা অভাৱ-অনাটনৰ বিষয়ে উল্লেখ কৰি আৰ্থিক সহায় কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ৷ ইয়াৰ উপৰিও তেওঁলোকৰ সন্তানে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে যদিও আৰ্থিক অভাৱৰ বাবে একো উৱাদিহ পোৱা নাই বুলি উল্লেখ কৰিছে ৷ চৰকাৰে একাংশ দ্ৰৰিদ্ৰ শ্ৰেনীৰ বাবে আৰ্থিক সহায় আগবঢ়োৱা কাৰ্যক আদৰণি জনাই তেওঁলোককো তাৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছে ৷

Exit mobile version