শুৱালকুছিৰ বস্ত্ৰ উদ্যোগৰ ক্ষতি দুশ কোটিৰ

image94dde9ae e360 41dc b8f5 116f5f4cb9b2

বিগত সাতমাহ ধৰি উৎপাদন বন্ধ আছে উত্তৰ পূৰ্বাঞ্চলৰ মানচেষ্টাৰ খ্যাত শুৱালকুছিৰ বস্ত্ৰ উদ্যোগত ৷ ফলত কমেও ১৫০ -২০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে এই উদ্যোগ । এই মন্তব্য শুৱালকুছি পাট শিল্প উন্নয়ন সমিতিৰ সম্পাদক ড° নীহাৰ ৰঞ্জন কলিতাৰ ৷ দৈনিক অগ্ৰদূতৰ আগত এই কথা সদৰী কৰি ড° কলিতাই কয় “ভয়াৱহ সংকটৰ সন্মুখীন হৈছে শুৱালকুছিৰ বস্ত্ৰ উদ্যোগ।সম্পূৰ্ণ পৰিকল্পিতভাৱে যদি আঁচনি যুগুত কৰা নহয় ৷ তেন্তে বৰ্তমানে সন্মুখীন হোৱা সংকট মোচনৰ বাবে শুৱালকুছিৰ বস্ত্ৰ উদ্যোগক যথেষ্ট সময়ৰ প্ৰয়োজন হ’ব ৷ তাৰ বাবে শুৱালকুছি বস্ত্ৰ উদ্যোগৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ১৫০ কোটি টকাৰ বিশেষ পেকেজ প্ৰদানৰ দাবী জনোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত যোৱা ২৪ মাৰ্চৰ পৰা অব্যাহত থকা তলাবন্ধৰ বাবে দেশৰ অন্যান্য প্ৰান্তৰ উদ্যোগসমূহত উৎপাদন বন্ধ আছে । কিন্তু নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বিৰোধী আন্দোলনৰ সময়ৰে পৰা শুৱালকুছিৰ বস্ত্ৰ উদ্যোগ প্ৰায় বন্ধ হৈ পৰিছে ।

ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ থকা বাবে ব্যৱসায়ীসকলেও উৎপাদিত বস্তৰ ক্ৰয়ত অনীহা প্ৰকাশ কৰে । ফলত শিপিনীসকলে উৎপাদন কৰা বস্ত্ৰসমূহ শিপিনীৰ ওচৰতে পৰি যায় ৷ ইয়াৰ বাবে ১৫০ দুশকোটিৰ টকাৰ লোকচানৰ সন্মুখীন হয় শিপিনীসকল ৷ শিপিনীসকলৰ এই সন্দৰ্ভত ক্ষতিপূৰণৰ কাৰণে ৰাজ্য চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে । লগতে শুৱালকুছি বস্ত্ৰ উদ্যোগত প্ৰয়োজন হোৱা কেঁচামালৰ ক্ষেত্ৰত ৰাজসাহায্য পৰিমাণ পূৰ্বৰ ২০ শতাংশৰ পৰা ৫০ শতাংশলৈ বৃদ্ধিৰ দাবী জনোৱা হৈছে ৷

ইপিনে শুৱালকুছিৰ লগতে হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বংশৰ, হালোগাঁও, বামুণী, সোৱনচাহ, ৰামদিয়া, বৰচলি , বঙালটোলা, সস্তৰ , হাৰদিয়া আদি গাঁৱৰ শিপিনীসকলক ৫০ শতাংশ ৰাজসাহায্যযুক্ত ঋণ প্ৰদান কৰা শিপিনীৰসকলৰ উৎপাদিত বস্ত্ৰ বিভাগীয়ভাৱে ক্ৰয় কৰা, সুলভ মূল্যত কেঁচামাল যোগান ধৰা, এশ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰাকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকলয়ৰ জৰিয়তে বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কামৰূপ জিলা ছাত্ৰ সন্থাই।

Exit mobile version