অসমতে নগা আৰক্ষী-উগ্ৰপন্থীয়ে খাপ পিটিছে

IMG 20200611 153154

শিৱসাগৰ জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী গেলেকীত অসম চৰকাৰৰ নিৰ্লিপ্ততাৰ গ্ৰহণ কৰি আগ্ৰাসী নগা বাহিনীয়ে শিঙিবিলস্হিত অসম আৰক্ষী বেটেলিয়ান শিবিৰৰ পৰা আধা কিলোমিটাৰ নিলগত অসমৰ বৃহৎ ৰাজহ ভূমি বেদখলৰে গৃহ নিৰ্মাণ কৰাৰ লগতে বাঁহৰ গেট দি অসমৰ ভূমিতে অসমীয়াৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। তদুপৰি অঞ্চলটোৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ বাগিচা ধ্বংস কৰি তাণ্ডৱ চলাই আহিছে। এই বিষয়ে সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি প্ৰকাশ কৰাৰ পাছত যোৱা আঠ জুনত শিৱসাগৰ জিলা তথা নাজিৰা মহকুমা প্ৰশাসনে অসমৰ ভূমিত নগাই নিৰ্মাণ কৰা বাঁহৰ গেট ভাঙি দিয়ে যদিও কেইবাদিনলৈ অসমৰ ভূমিত নগাই নিৰ্মাণ কৰা গৃহসমূহ ভঙাৰ বাবে আগবাঢ়ি যোৱা নাই মহকুমা প্ৰশাসন তথা অসম আৰক্ষী। নগাই নিৰ্মাণ কৰা বাঁহৰ গেটখন ভাঙি দিয়াৰ পাছতে নগা বাহিনীয়ে শিৱসাগৰ জিলা প্ৰশাসন তথা অসম আৰক্ষী বিষয়ে যুদ্ধংদেহি ৰূপ লয়। ইয়াৰ উপৰি বন্দুকধাৰী নগা নিৰাপত্তা বাহিনী আৰু নগা উগ্ৰপন্থীয়ে অসমৰ ভূমিতে এম্বুছ কৰি আক্ৰমণৰ বাবে তৎপৰ হৈ পৰাৰ আশংকা কৰা হৈছে ।

বুধবাৰে পুৱাতে বৃহৎ নগা আৰক্ষী বাহিনী আৰু ভিলেজ গাৰ্ডেৰে পৰিৱেষ্টিত হৈ অসমৰ উক্ত ৰাজহ ভূমিত বাহৰ পতা শতাধিক নগা লোকে হাতে হাতে দা, কুঠাৰ আদি লৈ অসমৰ প্ৰকাশন তথা আৰক্ষী বাহিনীৰ সন্মূখতে নিৰ্মাণ চলাইছে নতুন গৃহৰ। এক ইঞ্চিও ভূমি চুবুৰীয়া ৰাজ্যক এৰি দিয়া নহ’ব বুলি শূণ্যত গদা ঘূৰোৱা চৰকাৰ – প্ৰশাসন আৰু দল সংগঠনসমূহক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই নগাই চলাই গৈছে অসমৰ ভূমিত ভয়াৱহ আগ্ৰাসন। আনহাতে, অসমৰ আৰক্ষীয়েও বাংকাৰ নিৰ্মাণেৰে অৱস্থান কৰি সন্মুখ সমৰত লিপ্ত হোৱাৰ আখৰা চলাইছে যদিও নিধিৰাম চৰ্দাৰৰূপী অসম আৰক্ষী বা প্ৰশাসনে নগাই অসমৰ ভূমিত ইটোৰ পাছত সিটোকৈ নিৰ্মাণ কৰা গৃহসমূহ ভঙাৰ বাবে ক্ষুদ্ৰ চাহ বাগিচাত তাণ্ডৱ চলোৱা এজনো নগা দুৰ্বৃত্তক কৰায়ও কৰিব পৰা নাই। উল্লেখ্য যে সীমান্ত অঞ্চলৰ সীমাৰ প্ৰতি থকা চৰকাৰৰ নিৰ্লিপ্ততাৰ বাবে যোৱা ২৬ আগষ্টৰ পৰা নগা বাহিনী ক্ৰমাৎ তৎপৰ হৈ পৰিছে অসমৰ ভূমি দখলৰ বাবে।

যোৱা ২৬ আগষ্টত অসমৰ প্ৰশাসনে নিৰ্মাণ কৰা শ্মশানগৃহ ভাঙি লণ্ড – ভণ্ড কৰাৰ পৰৱৰ্তী পৰ্যায়ত যোৱা ২১ মে’ত নাগালেণ্ডৰ লুংলেং জিলাৰ অধীনৰ ইয়ংলক বস্তিৰ দিশৰ পৰা অহা নগাৰ দলে নিশা অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ বাগিচা ধ্বংস কৰাৰ পাছত নগা উগ্ৰপন্থী সংগঠনৰ লগতে নগা ৰাইজে সীমান্ত অঞ্চলটোৰ নাজিৰা ৰাজহ চক্ৰৰ অধীনৰ ৭১, ৭২, ৬২ আদি কেইবাটাও দাগৰ অসমৰ বৃহৎ ৰাজহ ভূমি দখল কৰি নিৰ্মাণ কৰে ঘৰ। তদুপৰি বাঁহৰ গেট দি অসমৰ উক্ত ভূমিত অসমীয়াৰ প্ৰৱেশ নিষিদ্ধ কৰি উক্ত ৰাজহ ভূমিৰ লগতে ক্ষুদ্ৰ চাহ বাগিচাত তাণ্ডৱ সৃষ্টি কৰে। উক্ত ঘটনাৰ পাছতে বুধবাৰে ভাৰপ্ৰাপ্ত সীমান্ত দণ্ডাধীশ ৰাজীৱ সোনোৱাল, ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সম্প্ৰীতি গোস্বামী, অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত সাৰথি বড়া, মহকুমা আৰক্ষী বিষয়া দীপজ্যোতি তালুকদাৰ, গেলেকি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপেন্দ্ৰ ছেত্ৰীৰ নেতৃত্বত যোৱা অসম আৰক্ষীৰ দলে নগাই নিৰ্মাণ কৰা গেট ভাঙি দিয়ে।

অসমৰ প্ৰশাসনৰ এই তৎপৰতাৰ পোতক তুলিবলৈ সীমান্ত অঞ্চলটোৰ অসমৰ উক্ত ভূমিত নগা আৰক্ষীৰ বৃহৎ বাহিনীৰ নিৰাপত্তাৰে পৰিৱেষ্টিত হৈ বৃহৎ নগাৰ দলে হাতে হাতে দা কুঠাৰ লৈ অৱস্হান কৰে। আনহাতে, নগা উগ্ৰপন্থীৰ এটা দলে অসমৰ উক্ত অঞ্চলৰ বনভূমিৰ মাজত এম্বুচ কৰি আক্ৰমণ কৰাৰ আশংকা কৰা হৈছে। আনহাতে, অসম আৰক্ষীৰ এটা বৃহৎ বাহিনীয়ে অঞ্চলটোত অৱস্থান কৰি বাংকাৰ নিৰ্মাণেৰে নগা বাহিনীৰ স’তে সন্মুখ সমৰত লিপ্ত হোৱাৰ আখৰা কৰে যদিও অসমৰ প্ৰশাসন আৰু অসম আৰক্ষীৰ বৃহৎ বাহিনীক প্ৰত্যাহ্বান জনাই বুধবাৰে নগাই দিন দুপৰতে অসমৰ প্ৰশাসনৰ সন্মুখতে পুনৰ টিনপাতেৰে স্হায়ীভাৱে এটা গৃহ নিৰ্মাণ কৰে।

ইয়াৰ পাছতো অসমৰ প্ৰশাসন আৰু অসম আৰক্ষীয়ে নগাই পূৰ্বে নিৰ্মাণ কৰা গৃহ উচ্ছেদ কৰাতো দূৰৈৰ কথা তেওঁলোকে নিৰ্মাণ কৰা বাংকাৰ তথা গৃহ নিৰ্মাণত বাধা দিবলৈ আগবঢ়া নাই। অসমৰ এই অঞ্চলটোত নগা উগ্ৰপন্থী, দুৰ্বৃত্ত, নগা আৰক্ষী, নগা ভিলেজ গাৰ্ড সকলোৱে হাতে হাতে দা বন্দুক লৈ পিয়াপি দিছে। নগা প্ৰশাসন, নগা ভিলেজ কাউন্সিল, উগ্ৰপন্থী সকলোৱে অসমৰ উক্ত বৃহৎ ভূখণ্ড দখলৰ বাবে এনেদৰে যুদ্ধংদেহি হৈ পৰাৰ বিপৰীতে এই পৰ্যন্ত সীমান্ত অঞ্চলটোত অসম আৰক্ষীৰ ভূমিকা দুৰ্বল। শেহতীয়াভাৱে নাজিৰাৰ মহকুমাধিপতি সম্প্ৰীতি গোস্বামীৰ নেতৃত্বত আৰক্ষীয়ে সীমান্তত নগাই স্হাপন কৰা গৃহ উচ্ছেদ কৰিবলৈ ৰাওনা হৈছে।

Exit mobile version