একেৰাহে তৃতীয় দিনৰ বাবে পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য

Petrol pump

তলাবন্ধই সাধাৰণ জনতাক জুৰুলা কৰাৰ সময়তে ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে পেট্ৰ’লজাত সামগ্ৰীৰ মূল্য ৷ বিগত ৭২ ঘন্টাত প্ৰতি লিটাৰ পেট্ৰ’লত ১.৬৫ টকা আৰু প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পাইছে ১.৭০ টকা । ইয়াৰ লগে লগে মহানগৰীত প্ৰতি লিটাৰ পে’ট্ৰলৰ দাম ৭৯.১১ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম ৭২.২০ টকালৈ বৃদ্ধি পায় । দিছপুৰৰ এক সূত্ৰই আজি এই কথা জনোৱা অনুসৰি পে’ট্ৰলজাত সামগ্ৰীৰ ওপৰত ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে মূল্য সংযোজিত কৰ আৰোপ কৰাৰ পাছৰে পৰা পেট্ৰ’লিয়াম কোম্পানীসমূহে ধাৰাবাহিকভাৱে পেট্ৰ’ল ডিজেলৰ দাম বৃদ্ধি কৰি আহিছে।

যোৱা সাত জুনত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম আছিল ৭৭.৪৬ টকা আৰু প্ৰতি লিটাৰ ডিজেলত আছিল ৭০.৫০ টকা ৷কিন্তু যোৱা আঠ জুনৰ পৰা প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ দাম ধাৰাবাহিকভাৱে কোম্পানীসমূহে বৃদ্ধি কৰে । ফলত ৭২ ঘন্টাৰ ভিতৰত প্ৰতি লিটাৰ পেট্ৰ’লত ১.৬৫ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ১.৬৫ টকাকৈ বৃদ্ধি পোৱা বুলি সূত্ৰটোৱে জনায় ৷

Exit mobile version