কনটেইনমেন্ট জ’নৰ অন্তৰ্ভুক্ত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ

GuwahatiCentralJailbecomesAssamsnewcontainmentzone

দীঘলীয়া যুঁজ বাগৰাৰ অন্তত কামৰূপ মহানগৰ জিলাৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতকে ধৰি মহানগৰীৰ বিভিন্ন প্ৰান্তত থকা আন আন আদালতসমূহে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা সকলো নতুন কয়দী বা হাজোতীক বৰ্তমানে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰিৱৰ্তে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰাত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে । এই সম্পৰ্কত যোৱা ন জুনত ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব এম এছ মনিৱন্ননে এইছ এম চি ২২৪/২০১৩/২১৯ ক নম্বৰযোগে এক অধিসূচনা জাৰি কৰে ৷ ইয়াৰ ভিত্তিতে কালিৰে পৰা আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হাজোতীসকলক তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত ৰখাৰ ব্যৱস্থা কৰিছে আৰক্ষী প্ৰশাসনে ৷

জিলা প্ৰশাসনৰ এক সূত্ৰই এই কথা কথা সদৰী কৰি জনোৱা মতে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰাত ন্যায়িক জিম্মাত থকা অন্যতম হাজোতী তথা মটৰ চাইকেল চুৰিৰ অভিযোগত অভিযুক্ত নলবাৰীৰ জিন্টু নাথ (৩০) ৰ শৰীৰত যোৱা পাঁচ জুনত কৰ’নাৰ অৱস্থিতি ধৰা পৰে । ইয়াৰ পাছতে সিদিনাই কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয়ে যোৱা দুই মে’ত ১৭০১৩ /১৭/২০২০ পি আৰ নম্বৰৰ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ আৰু (এছ অ’ পি) আৰু ২০২০ ৰ দ্য আছাম ক’ভিড-১৯ বিধিৰ অধীনত জিলা প্ৰশাসনে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ চৌহদক কনটেইনমেন্ট জ’নত অন্তৰ্ভুক্ত কৰে । তদুপৰি এই নিৰ্দেশনা উলংঘাকাৰীৰ বিৰুদ্ধে ২০২০ ৰ দ্য আছাম ক’ভিড-১৯ বিধি, ২০০৫ ৰ দুৰ্যোগ ব্যৱস্থাপনা আইন আৰু ১৮৯৭ ৰ মহামাৰী ৰোধ আইনৰ নিৰ্দিষ্ট ধাৰাৰ অধীনত সংশ্লিষ্টসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কথাও উল্লেখ কৰে।

ইয়াৰ পাছতে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিবলগীয়া নতুন হাজোতী তথা কয়দীক ৰখাৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণৰ বাবে জিলা প্ৰশাসনক আহ্বান জনায় কাৰাগাৰ কৰ্তৃপক্ষই । কাৰাগাৰ কৰ্তৃপক্ষই এই সম্পৰ্কত প্ৰেৰণ কৰা পত্ৰৰ আধাৰতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে অস্থায়ী কাৰাগাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ মহানগৰীৰ ভৰলুৰ কুমাৰপাৰাস্থিত হাৰিয়ানা ভৱনটো বাছনি কৰে ৷ কিন্তু মহানগৰ আৰক্ষীয়ে এই প্ৰস্তাৱ নাকচ কৰে । ইয়াৰ পাছত মৰিগাঁও আৰু নলবাৰী জিলাৰ কাৰাগাৰ দুখন বাছনি কৰে যদিও মূৰকত সেয়াও বাতিল কৰে৷ সকলোবোৰ বিবেচনা কৰি শেষত ৰাজ্য চৰকাৰে তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰকে নিৰ্বাচন কৰে ৷

ইয়াৰ ভিত্তিতে কালিৰে পৰা নতুন হাজোতীসকলক তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিব বুলি জনাই এক সূত্ৰই । অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে মহানগৰীত অৱস্থিত ৰাজ্যৰ একমাত্ৰ বিশেষ আদালতক আজি পৰ্যন্ত অৱগত কৰোৱা হোৱা নাই ৷ আনহাতে বিভন্ন আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা নতুন হাজোতীসকলক লৈ বিপাঙত পৰিছে মহানগৰ আৰক্ষী । কাৰণ, এই অভিযুক্তসসলক কাৰাগাৰলৈ নিওঁতে লাগিব বৃহৎ সংখ্যক নিৰাপত্তা বাহিনী আৰু এই প্ৰক্ৰিয়া সম্পন্ন কৰো যথেষ্ট সময়ৰ প্ৰয়োজন হোৱাৰ উপৰি ব্যাপক হাৰত যাতায়ত ব্যয় বৃদ্ধি পোৱা বুলিও সূত্ৰটোৱে জনায় ।

Exit mobile version