কেৰেলাত এজনী গৰ্ভৱতী হাতীক হত্যাৰ ঘটনাই সম্প্ৰতি সমগ্ৰ দেশতে তোলপাৰ লাগিছে । এই ঘটনাৰ প্ৰতিবাদত সমগ্ৰ দেশতে গর্জনৰ সৃষ্টি হৈছিল । নিৰ্বিচাৰে পশু হত্যাৰ ঘটনাত মানুহৰ বিৰুদ্ধেই ক্ষোভ প্ৰকাশ কৰিছে মানুহে । কিন্ত পৃথিৱীৰ পৰা যে মনুষ্যত্ব সম্পূৰ্ণৰূপে বিলুপ্ত হোৱা নাই, তাৰেই প্ৰমাণ পোৱা গ’ল বিহাৰত । এজন বন্যপ্ৰাণী প্ৰেমীৰ বদান্যতাত নিশাৰ ভিতৰতে কোটিপতিত পৰিণত হ’ল দুটাকৈ হাতী । বিহাৰৰ এই বন্যপ্ৰাণী প্ৰেমী জন হৈছে পাটনাৰ বাসিন্দা আখটাৰ ইমাম । মানুহৰ তুলনাত তেওঁ পশুকে অধিক বিশ্বাস কৰে । তেওঁৰে এহাল পোহনীয়া হাতী ৰাণী আৰু মতি । জীৱনৰ শেষবেলাত অধিকাংশ বৃদ্ধ লোকেই নিজৰ স্থাবৰ-অস্থাবৰ সম্পত্তি সন্তান বা আন কোনো প্রিয় লোকৰ নামত লিখি থৈ যায় ।
ইমামেও তাকেই কৰিলে আৰু নিজৰ সম্পত্তিৰ অৰ্ধেক লিখি দিলে সন্তানৰ দৰেই লালন-পালন কৰি ডাঙৰ কৰা দুই পোহনীয়া হাতীৰ নামত । ইয়াৰ ফলতে নিশাটোতে কোটিপতি হ’ল ৰাণী আৰু মতি । এই হাতী দুটাৰ ভিতৰত মতিৰ বয়স ১৫আৰু ৰাণীৰ ২০ বছৰ । দুয়ো প্ৰায় সকলো সময়তে ইমামৰ ছাঁ টোৰ দৰে লাগি থাকে । ইমাম সম্প্ৰতি এটা হাতী ৰক্ষণাবেক্ষণৰ এনজিঅ’ৰ গৰাকী । ইমামে বিচাৰে তেওঁৰ সম্পত্তি লাভ কৰক কোনো বিশ্বস্তই । সেইবাবেই অকণো পলম নকৰি তেওঁ নিজৰ সন্তানসম হাতী দুটাৰ নামৰ অৰ্ধেক সম্পত্তি লিখি দিয়ে । অতীতৰ কথা স্মৰণ কৰি ইমামে কয় যে এই হাতী দুটাই বহুবাৰ তেওঁক বিপদৰ পৰা ৰক্ষা কৰিছিল । সেয়ে সিহঁতৰ স’তে ইমামৰ এক আত্মীয় সম্পৰ্ক গঢ়ি উঠিছে । বহুতৰ মতে, ইমামৰ এই বন্যপ্ৰাণী প্ৰীতিয়ে দেশবাসীৰ সন্মুখত এক নজিৰ সৃষ্টি কৰিব।
