বিৰতিৰ পাছত পুনৰ কাকতি ফৰিঙৰ আক্ৰমণ

Locusts attack

সামাজিক বিৰতিৰ পাছত পুনৰ আৰম্ভ হৈছে কাকতি ফৰিংৰ উপদ্ৰৱ । মাজত প্ৰায় ১০ টা দিন এই পতংবিধে দেশৰ কোনো স্থানতে উপদ্ৰৱ চলোৱা নাছিল। যাৰ ফলত কৃষক তথা প্ৰশাসনে স্বস্তি অনুভৱ কৰিছিল, কিন্তু পুনৰ অস্বস্তি বৃদ্ধি কৰি ভয়াৱহ ৰূপত আক্ৰমণ কৰিছে কাকতি ফৰিংৰ বিশাল জাকে। এইবাৰ কাকতি ফৰিঙে উপদ্ৰৱ আৰম্ভ কৰিছে উত্তৰপ্ৰদেশত। মঙলবাৰৰ নিশাৰ পৰাই কাকতি ফৰিঙৰ বিশাল জাক এটাই উত্তৰ প্ৰদেশৰ বিস্তৃৰ্ণ অঞ্চলত উপদ্ৰৱ আৰম্ভ কৰে। স্থানীয় কৃষি বিষয়াই জনোৱা মতে, ইতিমধ্যে ফচলৰ ব্যাপক ক্ষতি সাধন হৈছে । স্থানীয় প্ৰশাসনে জনাইছে যে কাকতি ফৰিঙৰ এই দলটো বহলে প্ৰায় তিনি কিলোমিটাৰ আৰু দীঘলে প্ৰায় এক কিলোমিটাৰ অঞ্চলজুৰি বিয়পি আছে । কাকতি ফৰিং খেদিবলৈ কীটনাশক ছটিওৱাৰ লগতে অন্যান্য যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি স্থানীয় প্ৰশাসনে জনাইছে ।

উল্লেখ্য যে মে’ৰ অন্তিম সপ্তাহত পশ্চিম আৰু মধ্য ভাৰতৰ পাঁচ ৰাজ্য ৰাজস্থান, পঞ্জাৱ, গুজৰাট, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশত আক্ৰমণ চলাইছিল সুদূৰ পূব আফ্ৰিকাৰ মৰু অঞ্চলৰ পৰা অহা কাকতি ফৰিংৰ বিশাল জাকে। প্ৰায় এসপ্তাহ ধৰি সেই পাঁচ ৰাজ্যৰ বহু হেজাৰ বিঘা কৃষিভূমিৰ ফচল-পাচলি, বাগানৰ নেমু কল আদি খাই তহিলং কৰাৰ পাছত কাকতি ফৰিঙে সামান্য স্বস্তি দিছিল। এই বছৰলৈ কাকতি ফৰিংৰ আক্ৰমণৰ পৰা নিস্তাৰ পোৱা বুলিও বহুতে ধাৰণা কৰিছিল। কিন্তু সেই ধাৰণাক ভুল বুলি প্ৰমাণিত কৰি মাত্ৰ ১০ দিন মানৰ ব্যৱধানতে পুনৰ তাণ্ডৱ আৰম্ভ কৰিছে কোটি কোটি কাকতি ফৰিঙে । স্থানীয় লোকে জনোৱা মতে, মঙলবাৰৰ নিশাৰ পৰাই তেওঁলোকে কাকতি ফৰিঙৰ উপস্থিতিৰ বিষয়ে অৱগত হৈছিল। বুধবাৰে সমগ্র দিনটোত ৰাজ্যখনৰ কোৰাও আৰু মেজা অঞ্চলৰ বিস্তৃৰ্ণ কৃষিভূমি খাই প্ৰায় শেষ কৰে এইবিধ পতংগৰ জাকে।

ইয়াৰ পিছতে বৃহস্পতিবাৰে পুৱতি নিশাৰ পৰা কাকতি ফৰিঙৰ বিশাল জাকটোৱে প্রয়াগৰাজত( পূৰ্বৰ এলাহাবাদ) আক্ৰমণ কৰে। এই খবৰ পোৱাৰ লগে লগে প্ৰয়াগৰাজৰ গাঁৱে গাঁৱে কৃষকসকলক কাকতি ফৰিংৰ সন্দৰ্ভত সচেতন কৰাৰ কাম কাজ আৰম্ভ কৰে কৃষি বিষয়াসকলে। ইয়াৰ সমান্তৰালকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে কীটনাশক চটিওৱাৰ কামো আৰম্ভ কৰিছে। প্রয়াগৰাজৰ মুখ্য উন্নয়ন বিষয়া আশীষ কুমাৰে কয় যে, ‘ব্লক আৰু জিলা বিষয়া তথা গ্ৰামপ্ৰধানসকলৰ স’তে বৈঠক কৰি বুজাই দিয়া হৈছে কাকতি ফৰিঙে আক্ৰমণ কৰিলে কি কৰিব লাগিব। প্ৰয়োজনীয় ৰাসায়নিক মজুত ৰখা হৈছে। ইয়াৰ উপৰি সংলগ্ন জিলাসমূহকো সতৰ্ক কৰা হৈছে।’

Exit mobile version