বিজ্ঞান আৰু প্ৰযুক্তিৰ দিনতো ভগৱানৰ অস্তিত্ব বিচাৰি আজি ৰাতিপুৱাৰে পৰা পাঠশালাৰ সমীপৰ জালিখাটাত এটা পৰিয়ালৰ ঘৰলৈ বৈছে লানি নিছিগা সোঁত । উদ্দেশ্য মা মনসাৰ কৃপা লাভ কৰা l প্ৰাপ্ত ঘটনা অনুসৰি বৃহস্পতিবাৰে দুপৰীয়া পাঠশালাৰ সমীপৰ জালিখাটাত ভাড়াতীয়া হিচাপে থকা বৰষা দাস নামৰ মহিলা এগৰাকীৰ ভৰিৰ ওপৰৰে এডাল প্ৰকাণ্ড সাপ পাৰ হৈ যায় । চুবুৰীয়াই কোৱা অনুসৰি সাঁপডালে কিছু অংশ মহিলা গৰাকীৰ ভৰিত মেৰিয়াই ধৰি আছিল । তাৰ পিছতে আজি পুৱাৰে পৰা মহিলা গৰাকীয়ে ঘৰৰ বাৰাণ্ডাত দেৱী মনসাৰ থাপনা পাতি পূজা অৰ্চনা কৰিবলৈ লয় ।
গোটেই দিনটো আজি মহিলা গৰাকী তেনেদৰে অস্বাভাৱিক আচৰণ কৰি পূজা অৰ্চনাত ব্যস্ত থাকে । তাকে কেন্দ্ৰ কৰি পুৱাৰে পৰা আবেলি লৈ আজি গাঁওখনৰ পৰিয়ালটোলৈ বহু মানুহৰ লানি নিছিগা সোঁত বয় । শিক্ষিত জ্ঞানী মানুহৰ বাবে বিজ্ঞান আৰু আনহাতে সহজ-সৰল গাঁওবাসীৰ বাবে বিশ্বাস অথবা ভগৱানৰ প্ৰতি ভক্তি । বিশ্বাস অথবা অবিস্বাস সেয়া পিছৰ পৰ্য্যায়ৰ কথা l কিন্তু তাৰ মাজতে শিক্ষা নগৰীৰ গাতে লাগি থকা উক্ত ঘটনাটোক কেন্দ্ৰ কৰি ৰাইজৰ মাজত চাঞ্চল্য অব্যাহত আছে । আনকি মহিলা গৰাকীয়ে পূজা-পাঠৰ মাজতে নিজেও সাংবাদিকে কথা পাতিব বিচৰাত নিজৰ অস্বাভাৱিক আচৰণৰ কথা বৰ্ণনা কৰিছে । ঘটনা সন্দৰ্ভত স্হানীয় গাওঁবুঢ়া আৰু মহিলা গৰাকীৰ স্বামীয়েও মন্তব্য আগবঢ়াইছে l