ড° হিমন্ত বিশ্ব শৰ্মাৰ এন এইচ এম কাৰ্যালয়ৰ পৰা কৰ’না ভাইৰাছৰ সন্দৰ্ভত সংবাদমেল

himanta

১.পৰিস্থিতিৰ অৱনতি হ’লে পুনৰ বৃদ্ধি কৰা হ’ব তলাবন্ধ৷

২.আগন্তুক ১৫ দিনৰ ভিতৰত গুৱাহাটীত ৫০ হাজাৰ কৰ’না পৰীক্ষা সম্পন্ন কৰা হ’ব ৷

৩.এই ৫০ হাজাৰ পৰীক্ষাৰ ভিতৰত যদি ৫০০ লোক কৰ’নাত আক্ৰান্ত হয় তেতিয়াহে তলাবন্ধৰ সিদ্ধান্ত ল’ব চৰকাৰে ৷

৪.অসমত ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ৷

৫.অসমলৈ এতিয়ালৈকে বহিঃৰাজ্যৰ পৰা ১,৭৩,৪৯৩ গৰাকী লোক উভতি আহিছে ৷

৬.বাছেৰে আহিছে ৬৫,১৫৬ জন লোক।

৭.ইফালে অসমত কৰ’নাত মৃত্যুৰ হাৰ ২১ শতাংশ ৷আৰোগ্যৰ হাৰ হৈছে ৪৮.১৮ শতাংশ ৷ এসপ্তাহ পূৰ্বতে অসমত আৰোগ্যৰ হাৰ আছিল ১০ শতাংশ ৷

৮.অসমত ২ লাখৰো অধিক লোকক কৰা হৈছে ক’ভিড১৯ ৷

৯.৪ জুনত সৰ্বাধিক হৈছিল অসমত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৷

১০.গুৱাহাটী কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ১৭২ গৰাকী । ইয়াৰে ২৫ গৰাকীৰে কোনো ভ্ৰমণ ইতিহাস নাই।

১১.কেৰেলাৰ পৰা অসমলৈ আহি আছে প্ৰায় ২৫ হেজাৰ লোক ৷

১২.মৃতদেহ সৎকাৰৰ পৰা নহয় কৰ’নাৰ সংক্ৰমণ ৷

১৩.আনহাতে হোম কোৱাৰেন্টাইনত থকা লোকসকলক চৰকাৰে প্ৰদান কৰিছে ৮ কোটি টকা ৷

১৪.বাহিৰত থকা লোকসকলকো চৰকাৰে প্ৰদান কৰিছে ১৫৩ কোটি টকা ৷

১৫.যি কোনো প্ৰতিবাদত অংশ লওঁতে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ আহ্বান জনালে মন্ত্ৰী ড° শৰ্মাই ৷

১৬.মনন নামৰ এক নেটৱৰ্ক মুকলি কৰিলে চৰকাৰে। ইয়াৰ জৰিয়তে কে’বাগৰাকী মনোৰোগ বিশেষজ্ঞই সেৱা আগবঢ়াব ৷

Exit mobile version