তলাবন্ধ : কাম হেৰুৱালে লুফটহান্সাৰ ২২ হেজাৰ কৰ্মীয়ে

lufthansa 982

বিমান পৰিবহণ কোম্পানী লুফটহান্সাৰ ২২ হেজাৰ কৰ্মচাৰীৰ চাকৰি যোৱাটো নিশ্চিত হৈছে।তলাবন্ধৰ বাবে লোকচানৰ সন্মুখীন হোৱা জাৰ্মান বিমান পৰিবহণ কোম্পানীটোৱে বাধ্য হৈ কৰ্মচাৰী হ্ৰাস কৰাৰ সিদ্ধান্ত ল’বলগীয়া হৈছে।কাম হেৰুৱাবলগীয়া কৰ্মচাৰী সকলক কোম্পানীটোৰ পৰা জনোৱা হৈছে যে সমগ্ৰ বিশ্বতে ভৱিষ্যতে আৰু বিমান পৰিবহণৰ চাহিদা আশানুৰূপ হোৱাৰ কোনো সম্ভাৱনা নাই ।

সেইবাবে এনে কঠোৰ সিদ্ধান্ত ল’বলৈ কোম্পানী বাধ্য হৈছে ।সংকটৰ এই সময়চোৱাত লুফটহান্সাই সেৱা আগবঢ়াই অহা শতাধিক অকাশীপথত বিমানৰ চলাচল বন্ধ কৰি দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰে ।উল্লেখ্য যে কাম হেৰুৱাবলগীয়া হোৱাত ২২হেজাৰ কৰ্মী কোম্পানীৰ নিয়মীয়া পদত কৰ্মৰত হৈ আছিল ।এই কৰ্মীসকলৰ অধিক সংখ্যকেই জাৰ্মান নাগৰিক।লুফটহান্সাৰ মুঠ এক লাখ ৩৫ হেজাৰ কৰ্মীৰ মাজৰ পৰা সদ্যহতে ১৬শতাংশ কৰ্মচাৰীক ছাটাই কৰা হয় ।

তলাবন্ধৰ সময়ত লুফটহান্সাৰ ৭৬৩ খন বিমানৰ ভিতৰত সাতশ খনকেই বহুৱাই ৰাখিবলগীয়া হৈছে।বিমান বিলাক বহি থকাত কোম্পানীৰ প্ৰায় ৮৭ হেজাৰ কৰ্মচাৰীক চৰকাৰৰ সাহায্যপ্ৰাপ্ত সৰু-বৰ প্ৰকল্পত বাধ্য হৈ কামত লগাবলগীয়া হৈছে।চলিত বৰ্ষৰ প্ৰথম তিনিটা মাহতে লুফটহান্সাই ২.১ বিলিয়ন ইউৰ’ৰ লোকচানৰ সন্মুখীন হয় ।ইয়াৰ পাছতে জাৰ্মান চৰকাৰে বিমান কোম্পানীটোক ন বিলিয়ন ইউৰ’ৰ বিশেষ পেকেজ দিয়াৰ কথা ঘোষণা কৰিব।

এই পেকেজৰ ঘোষণাৰ পাছত কোম্পানীৰ ২০শতাংশ ‘শ্বেয়াৰ ‘ জাৰ্মান চৰকাৰৰ হাতলৈ যোৱাটোও নিশ্চিত হ’ল।কৰ্মী ছাটাই কৰাৰ ক্ষেত্ৰত বিশ্বৰ এটাৰ পাছত আনটো প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ নাম জড়িত হৈ পৰাৰ সময়তে লুফটহান্সায়ো একে পথকে অৱলম্বন কৰে ।আনহাতে কৰ্মী ছাটাইৰ এই তালিকাত শেহতীয়াকৈ ‘অ’লা’ৰো নাম অন্তৰ্ভুক্ত হৈছে।কৰ’নাৰ প্ৰভাৱত বিপুল আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱা কেব পৰিচালন সংস্থা অ’লাই এটা পর্যায়তে ১৪শ কৰ্মীক কামৰ পৰা ছাটাই কৰিবলৈ সিদ্ধান্ত লয় ।

যোৱা দুটা মাহত অ’লাৰ ৰাজহ আহৰণ প্ৰায় ৯৫শতাংশ হ্ৰাস পোৱাৰ কথা সদৰী কৰে ইয়াৰ মুখ্য কাৰ্যবাহী বিষয়া বভিশ আগৰৱালাই।ভাৰতত তলাবন্ধৰ ফলত সৃষ্টি হোৱা আৰ্থিক অনিশ্চয়তাৰ পৰিৱেশৰ মাজতে কৰ্মী সংকোচনৰ এই সিদ্ধান্ত ল’বলগীয়া হোৱাৰ কথা জনায় মুখ্য কাৰ্যবাহী বিষয়াজনে ।আগৰৱালাই এই সন্দৰ্ভত কয় ,’দুৰ্ভাগ্যজনক ভাৱে কৰ’নাই সৃষ্টি কৰা পৰিস্থিতিত দেশে আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱাৰ সমান্তৰালভাৱে সমাজ ব্যৱস্থাটোও ধ্বংসৰ মুখলৈ গতি কৰিছে।ক’ভিড পৰৱৰ্তী সময়ছোৱাও আমাৰ বাবে ইমান সহজ হ’ব বুলি ধাৰণা কৰাটো কঠিন হৈছে।চলিত সপ্তাহৰ শেষৰ ফালেই এই কৰ্মীসকলে কাম হেৰুৱাব।’

Exit mobile version