নতুনকৈ ভাৰততে হ’ব ১০ কোটি চৰম দৰিদ্ৰ

733785 698365 poorhouseholds file photo

বিশ্বজুৰি কৰ’নাৰ পৰিস্থিতিত চৰম দৰিদ্ৰ লোকৰ সংখ্যা হ’ব কমেও ১১২ কোটি । ইয়াৰ কমেও ১০ কোটি হ’ব ভাৰতৰ। শেহতীয়া গৱেষণাত প্ৰকাশ যে মাৰাত্মক কৰ’নাৰ আক্ৰমণ  আৰু ইয়াৰ সমান্তৰালভাৱে তলাবন্ধৰ ফলত অতিৰিক্তভাৱে সমগ্ৰ বিশ্বৰে ৪০ কোটি মানুহ চৰমতম দৰিদ্ৰতাৰ স্বীকাৰ হ’ব। কেৱল ভাৰততে দৰিদ্ৰৰ চৰম সীমাত উপনীত হ’ব আৰু ছয় কোটি মানুহ ৷ যিসলৰ দৈনিক আয় হ’ব ১৪৪ টকা ৷ আন্তৰ্জাতিক এক সংস্থাৰ গৱেষণাত এই উদ্বেগজনক তথ্য প্ৰকাশিত হৈছে ৷ আজি ৰাষ্ট্ৰসংঘৰ অধীনস্থ “ইউ এন ইউ ৱাইডাৰ”ৰ গৱেষণা পত্ৰত প্ৰকাশ কৰা হৈছে যে তলাবন্ধৰ ফলত বিশ্বৰ অৰ্থনীতিৰ যি অৱস্থা হৈছে তাৰ ফলত আগন্তুক দিনত বিশ্বত দৰিদ্ৰৰ চিত্ৰ এনেদৰেই অংকিত হ’ব।

বৰ্তমান অতিৰিক্ত ৪০ কোটি অধিক লোক দৰিদ্ৰতাৰ জ্বালা যান্ত্ৰণা ভূগিব লাগিব । ইতিমধ্যে বিশ্ব বেংকে কৈছে যে কৰ’না পৰিস্থিতিত বিশ্বৰ চৰম দৰিদ্ৰতাৰ চিকাৰ হ’ব সাতৰ পৰা ১০ কোটি মানুহ ৷ দৰিদ্ৰ মানুহৰ আৰ্থিক অৱস্থা বুজাবলৈ বিশ্ব বেংকে কেইটামান মাত্ৰা নিৰ্ধাৰণ কৰিছে। তাৰে এটি হ’ল মানুহৰ আয় দৈনিক ১৪৪.২৪ বা ১.৯০ ডলাৰ অথবা তাতকৈ কম ৷ বিশ্ব বেংকৰ সংজ্ঞা অনুসৰি এই শ্ৰেণীৰ আয়ৰ মানুহকে কোৱা হয় চৰমতম দৰিদ্ৰতাৰ স্বীকাৰ ৷ ইপিনে যিসকল লোকৰ আয় দৈনিক ৪১৭.৪১ টকা অথবা ৫.৫০ ডলাৰ, তেওঁলোকক কোৱা হৈছে অধিক দৰিদ্ৰ ৷ গৱেষকসকলৰ মতে এই চৰমতম দৰিদ্ৰতাৰ ফলত আগন্তুক দিনত বিশ্বত দৰিদ্ৰৰ চৰম সীমাত উপনীত হ’ব  অন্তত ১১২ কোটি মানুহ ৷ তদুপৰি অতি বেছি দৰিদ্ৰৰ শ্ৰেণীত পৰিব কমেও তিনিশ ৭০ কোটি মানুহ ।

এই পৰিসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ আধাতকৈ বেছি ৷ গৱেষণাত প্ৰকাশ যে পৰিস্থিতিৰ সৰ্বাধিক অৱনতিৰ ফলত কোনো নিৰ্দিষ্ট অঞ্চলত মানুহৰ গড় বছৰি আয় কমেও ২০ শতাংশ কমি যাব । এই গৱেষকসকলৰ অন্যতম সদস্য এণ্ডি ছামনাৰে কয় “বিভিন্ন দেশৰ চৰকাৰসমূহে যদি জৰুৰীকালীন ভিত্তিত এইসকল মানুহৰ কল্যাণৰ বাবে আৰু কিছু পদক্ষেপ গ্ৰহণ নকৰে তলাবন্ধৰ ফলত প্ৰতিদিনে গৰিৱ লোকৰ আয় যিদৰে মাৰ খাইছে সেয়া পূৰণ কৰাৰ লক্ষ্যত কোনো সদৰ্থক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে ৷তেতিয়া হ’ল সমগ্ৰ বিশ্বত গৰিৱসকলৰ ভৱিষ্যত বুলি একো নাথাকিব ।” গৱেষকসকলৰ মতে এই চৰমতম দৰিদ্ৰতাতো অঞ্চল ভেদে বৈষম্য থাকিব । ক’ৰবাত সেয়া কম আৰু ক’ৰবাত বেছি হ’ব ৷ সৰ্বাধিক কৰণ অৱস্থা হ’ব দক্ষিণ এছিয়াৰ দেশসমূহত ৷ তাৰ ভিতৰত প্ৰথমৰ ফালে আছে জনসংখ্যা বহুল দেশ ভাৰতৰ নাম ৷ তাৰ পাছত আছে ছাহাৰা মৰুভূমি সংলগ্ন দেশসমূহ ৷ সমগ্ৰ বিশ্বত যি ১১২কোটি মানুহ চৰম দৰিদ্ৰতাৰ চিকাৰ হ’ব তাৰে এক তৃতীয়াংশ আফ্ৰিকাৰ এনে দেশসমূহৰ নাগৰিক ৷

Exit mobile version