২১ জুনত বছৰৰ প্ৰথম সূৰ্য গ্ৰহণ

in annular nasa

অহা ২১ জুনত বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ দেখা পাব পৃথিৱীবাসীয়ে ।অৱশ্যে এয়া পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ নহয় ,অথচ আংশিক সূৰ্যগ্ৰহণ বুলি ক’ব পৰা নাযায় ।সেয়ে অহা ২১ জুনৰ সূৰ্যগ্ৰহণক ‘বলয়গ্ৰাস গ্ৰহণ ‘ বুলি অভিহিত কৰিছে বিশেষজ্ঞই।ইংৰাজীত এই গ্ৰহণক কোৱা হয় ‘এনুলাৰ ছ’লাৰ এক্লিপছ’।উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা এই গ্ৰহণ দেখা যাব ।

ইয়াৰ উপৰি এছিয়াৰ অন্যান্য দেশ,আফ্ৰিকা আৰু ভাৰত মহাসাগৰীয় অঞ্চল তথা প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ পৰাও বলয়গ্ৰাস সূৰ্যগ্ৰহণ দেখা যাব ।ইয়াৰ উপৰি ইউৰোপ আৰু অষ্ট্ৰেলিয়াৰ কিছু কিছু অংশৰ বাসিন্দায়ো এই বলয়গ্ৰাস সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰিব পাৰিব ।ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা জনোৱা মতে ,ভাৰতত ২১ জুনৰ পুৱা ৯-১৫ বজাত গ্ৰহণ আৰম্ভ হ’ব ।

শেষ হ’ব বিয়লি ৩-০৪ বজাত ।আনহাতে, পৰিপূৰ্ণ গ্ৰহণ দেখা যাব পুৱা ১০-১৭ বজাৰ পৰা বিয়লি ২-০২ বজা পৰ্যন্ত ।উল্লেখ্য যে বলয়গ্ৰাস সূৰ্য গ্ৰহণৰ এক বিশেষত্ব আছে গ্ৰহণৰ সময়ত আকাশত যেতিয়া জুইৰ চকৰি দেখা যায় ,সেই পৰ্যায়কে বলয়গ্ৰাস সূৰ্যগ্ৰহণ বুলি কোৱা হয় ।অৰ্থাৎ এই গ্ৰহণত চন্দ্ৰৰ ছাঁ সূৰ্যত এনেদৰে পৰে যে তাৰ ফলত সূৰ্যৰ চাৰিওফালৰ পোহৰৰ বলয় বা চক্ৰহে দেখা যায় ।এই গ্ৰহণত চন্দ্ৰই ছাঁ টোৱে সূৰ্যক সম্পূৰ্ণৰূপে গ্ৰাস কৰিব নোৱাৰে ।

অন্তিমবাৰলৈ ২০১৯ ৰ ২৬ ডিচেম্বৰত বলয়গ্ৰাস সূৰ্যগ্ৰহণ হৈছিল।বিজ্ঞানীসকলে জনাইছে যে খালী চকুৰে বলয়গ্ৰাস সূৰ্য গ্ৰহণ চোৱাটো একেবাৰে নিৰাপদ নহয় ।ইয়াৰ বাবে বিশেষকৈ চকু সুৰক্ষা সামগ্ৰীৰ আৱশ্যক ।ইয়াৰ উপৰি পিনহ’ল প্ৰজেক্টৰ জৰিয়তে বগা দেৱাল বা বগা কাপোৰত গ্ৰহণৰ ছাঁ পেলাই সেয়া চাব পাৰে ।

উল্লেখ্য যে বলয়গ্ৰাস গ্রহণত অমাৱস্যাৰ চন্দ্ৰটোৱে সূৰ্যৰ মাজ অংশ ঢাকি পেলায় ।সেয়ে চন্দ্ৰৰ ছাঁৰ চাৰিওফালে গোলাকাৰ পোহৰৰ মালা প্ৰতিভাত হয়।এই অৱস্থাক কোৱা হয় ‘ৰিং অৱ ফায়াৰ ‘।এই ক্ষেত্ৰত চন্দ্ৰ টোৱে পৃথিৱীৰ পৰা সবাতোকৈ দূৰৰ বিন্দুৰ ওচৰত অৱস্থান কৰে ।লগতে চন্দ্ৰ ,পৃথিৱী আৰু সূৰ্য প্ৰায় সৰলৰেখাত থাকে ।আন সূৰ্যগ্ৰহণৰ স’তে বলয়গ্ৰাস সূৰ্যগ্ৰহণৰ পাৰ্থক্য আছে ।পূৰ্ণ গ্ৰাস সূৰ্যগ্ৰহণৰ সময়ত চন্দ্ৰৰ ছাঁটোৱে সূৰ্যক সম্পূৰ্ণৰূপে ঢাকি পেলায় ।সেয়ে সেই সময়ত পৃথিৱীলৈ সম্পূৰ্ণ অন্ধকাৰ নামি আহে ।আনহাতে,আংশিক সূৰ্যগ্ৰহণত চন্দ্ৰৰ ছাঁটোৱে সূৰ্যৰ কিছু অংশহে ঢাকিবলৈ সক্ষম হয়।

Exit mobile version