ৰাজ্যত ৭০ শতাংশ হ্ৰাস সুৰা বিক্ৰী

RUM

কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্য অব্যাহত থকা তলাবন্ধৰ সুযোগতে ৰাজ্যত লুন্ঠনৰ বাট মুকলি কৰিলে সুৰা ব্যৱসায়ী চক্ৰই । এই ক্ষেত্ৰত গোপন বুজাবুজিৰে সুৰা ব্যৱসায়ী চক্ৰক সহযোগ কৰিছে আবকাৰী বিভাগৰ একাংশ শীৰ্ষ বিষয়াই । ফলত তলাবন্ধৰ বাবে ৰাজ্যৰ ৰাজকোষত সৃষ্টি হোৱা ঘাটি পূৰণৰ বাবে ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সৃষ্টি হৈছে জটিলতাৰ ৷ ৰাজ্যিক কেবিনেটে যোৱা আঠ মে’ত গ্ৰহণ কৰা সিদ্ধান্তক অংগুষ্ঠ প্ৰদৰ্শন কৰি সুৰা কোম্পানীসমূহে নিজৰ খেয়াল খুচিমতে সুৰাৰ দাম বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিততে এনে অৱস্থাৰ সৃষ্টি হৈছে । আবকৰী বিভাগৰ এক সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে তলাবন্ধৰ বাবে ৰাজ্যৰ ৰাজকোষত ব্যাপক নেতিবাচক প্ৰভাৱ পৰাৰ পৰিপ্ৰেক্ষিততে দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসম চৰকাৰেও ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে সুৰাৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ কৰ আৰোপ সিদ্ধান্ত গ্ৰহণ কৰে ।

যোৱা ন’ মে’ত ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগৰ প্ৰধান সচিব অবিনাশ যোশীয়ে ই এক্স ২৫০/২০১৯/৪৭ নম্বৰযোগে এই সম্পৰ্কত প্ৰকাশ কৰে এখন ৰাজপত্ৰ ৷ এই কৰ সুৰাৰ সৰ্বোচ্চ খুচুৰা মূল্যৰ ওপৰতহে ধাৰ্য কৰা হয় । ৰাজহ সংগ্ৰহ সঠিকভাৱে সম্পন্ন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আবকাৰী বিভাগে দুদিনৰ বাবে ৰাজ্যৰ সকলো সুৰা বিপনী বন্ধ ৰাখি সুৰা বিপনী আৰু বণ্ডেড বেৰহাউচত মজুত সুৰাৰ তথ্য সংগ্ৰহ কৰাৰ উপৰি সুৰা কোম্পানীসমূহক নতুন লেবেলিঙৰ ব্যৱস্থা কৰাৰ সুযোগ প্ৰদান কৰে ৷ ইয়াৰ সুযোগতে সুৰাৰ কোম্পানীসমূহে সুৰাৰ দাম ৩৪ শতাংশৰ পৰা ৯০ শতাংশ পৰ্যন্ত বৃদ্ধি কৰে ৷ এই বৰ্ধিত মূল্যৰ ওপৰত চৰকাৰে ধাৰ্য কৰা অতিৰিক্ত ২৫ শতাংশ কৰসহ খুচুৰা মূল্য প্ৰায় দুগুণলৈ বৃদ্ধি পোৱাৰ ফলত ৰাজ্যত সুৰাৰ বিক্ৰী হ্ৰাস পায় ।আবকাৰী বিভাগৰ একাংশ শীৰ্ষ বিষয়াই ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তৰ সুযোগ লৈ এনেদৰে মূল্যবৃদ্ধিৰে গ্ৰাহকৰ ওপৰত মাধমাৰ দিবলৈ সুৰা কোম্পানীসমূহক সহযোগ কৰা বুলি সূত্ৰটোৱে আঙুলিয়াই দিয়ে ৷

Exit mobile version