অসম নগালেণ্ড সীমান্তৰ গেলেকী শিঙিবিলত উত্তেজনা

2e569c91 a317 4c68 ba17 20a5c5b45ddc

ভাৰতক যিদৰে এফালৰ পৰা চীনে আৰু আনফালে পাকিস্তানে সীমান্তত যুদ্ধংদেহী ৰূপত ভাৰতৰ মাটি দখল কৰি আহিছে,ঠিক তেনেদৰে অসমৰ মৰিয়নী নগালেণ্ড সীমান্ত আৰু শিৱসাগৰ গেলেকীৰ অসম নাগালেণ্ড সীমান্তৰ শিঙিবিলত আগ্ৰাসী নগা বাহিনীয়ে বেদখল কৰিছে অসমৰ মাটি ৷ অতি পৰিতাপৰ কথা যে নগাই অসমৰ মাটি দখল কৰাৰ আধা কিলোমিটাৰ নিলগত শিঙিবিলস্থিত অসম আৰক্ষীৰ বেটেলিয়নৰ কেম্প,পাঁচ কিলোমিটাৰ নিলগত গেলেকী থানা,দহ কিলোমিটাৰ নিলগত লিগিৰিপুখুৰীস্থিত অসম বেটেলিয়নৰ কেম্পৰ লগতে অসম আৰক্ষীৰ ইমান বৃহৎ বেষ্টনী থকাৰ মাজতো কিদৰে নগাই প্ৰতি বছৰে গেলেকীৰ অসম নাগালেণ্ড সীমান্তত অসমৰ মাটি দখল কৰিবলৈ পালে৷

সেয়া চৰ্চাৰ বিষয় ৷ইফালে স্থানীয় লোকে সাংবাদিকৰ আগত জনোৱা মতে নগাই অসমীয়া চাহ খেতিয়কসকলে কৰা চাহ বাগানসমূহ কাটি খাস্তাং কৰিছে । আনহাতে নাগালেণ্ডৰ দণ্ডাধীশ উপস্থিত থকাৰ অৱস্থাতেই চাহ খেতিসমূহ কাটি থৈ যোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷উল্লেখযোগ্য যে সীমান্ত তদন্ত কৰিবৰ বাবে কালি শিঙিবিলত উপস্থিত হয় সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লিটুল বুঢ়াগোহাঁইয়ে ।লগতে দলটোৱে সীমান্তৰ অতিৰিক্ত আৰক্ষী অধীক্ষক,গেলেকী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ লগত আলোচনাত মিলিত হয়।

অতি শীঘ্ৰে নগাৰ আগ্ৰাসন ৰোধ কৰি বিহিত ব্যৱস্থা ল’বলৈ সংগঠনটোৱে দাবী কৰে ৷সম্প্ৰতি অসম নাগালেণ্ড সীমান্তৰ এই উত্তেজনা আৰু কিমান দিনলৈ থাকে ? অথবা এই সমস্যাৰ সমাধান কেতিয়া হ’ব সেইয়া লক্ষ্যণীয়  অনাগত দিনত ৷

Exit mobile version