ডবকাত বালি মাফিয়াৰ দৌৰাত্ম্য, অভিযোগ পায়ো নিৰ্বিকাৰ প্ৰশাসন

WhatsApp Image 2020 06 14 at 3.15.38 PM e1592129222806

হোজাই জিলা লংকা শিক্ষা খণ্ডৰ অন্তৰ্গত দক্ষিণ দেৱস্থানৰ একমাত্ৰ চৰকাৰী বিদ্যালয় শ্বহীদ চৌধুৰী প্ৰাথমিক বিদ্যালয়। ১৯৭৪ চনত স্থাপন হোৱা প্ৰাথমিক বিদ্যালয়খন এতিয়া ধ্বংসৰ গৰাহত। প্ৰায় ডেৰ বিঘা মাটি থকা এই বিদ্যালয়খনৰ প্ৰায় আধাখিনিয়েই ইতিমধ্যে যমুনা নদীত জাহ গৈছে। একাংশ বালি মাফিয়াই বিদ্যালয়ৰ সন্মুখভাগত দিনে-ৰাতিয়ে মেচিনৰ লগত বালি খনন কৰাৰ ফলত ৪৬ বছৰীয়া এই বিদ্যালয়খন এতিয়া নদীত জাহ যোৱাৰ উপক্ৰম হৈছে । বালি খননৰ ফলত স্কুলৰ সন্মুখভাগত চপৰা-চপৰাকৈ খহিছে মাটি । ইপিনে হোজাই কাৰ্বিআংলং সংযোগী যমুনা নদীৰ ওপৰত থকা একমাত্ৰ দলংখনৰ ওপৰেদি নিতৌ পাৰ হয় বহুতো বালিভৰ্তি ট্ৰাক। ডকমকা বন বিভাগে দলংখন দুৰ্বল বুলি এটা মূৰত এখন ফলক আঁৰি দিছে। কিন্তু এইবোৰ কেৰেপ নকৰে বালি মাফিয়াই ।

প্ৰাপ্ত তথ্য মতে দলংৰ পৰা ৫০০ মিটাৰ দূৰত্বৰ পৰা নদীৰ পৰা বালি খনন কৰিব পাৰি কিন্তু এই বালি তোলা মেচিন দলঙৰ পৰা আনুমানিক মাত্ৰ ৩০০ মিটাৰ নিলগত হব । ডকমকা বন বিভাগৰ অন্তৰ্গত থকা এই বালি মহল হাওঁৰাঘাট নগৰৰ বিজেপি দলৰ ৪ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ চজল দেৱৰ নেতৃত্বত চলিছে বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে। হোজাই জিলা বন বিভাগৰ লগতে ডকমকা বন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে এই সন্দৰ্ভত বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে বিহিত ব্যৱস্থা লবলৈ বিত্ত তথা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে চৰকাৰলৈ অনুৰোধ জনাইছে ।

Exit mobile version