সামুদ্ৰিক প্ৰাণীৰ খাদ্যঃ থাইলেণ্ডৰ দুই ৰেস্তোৰাঁ মালিকক ১৪৪৬ বছৰৰ ক্ষুব্ধ ন্যায়াধীশৰ কঠোৰ ৰায়

court hamGmeraCCd1122asaA1G1

বেআইনীভাৱে সামুদ্ৰিক প্ৰাণীৰ খাদ্য পৰিবেশন কৰাৰ অভিযোগত বেংককৰ দুখ ৰেস্তোৰাৰ মালিকক ৭২৩ বছৰৰ কাৰাদণ্ডৰ ৰায় প্ৰদান কৰিছে থাইলেণ্ডৰ এখন আদলতে ৷ ৰেস্তোৰাঁ দুখনে গ্ৰাহকৰ বাবে সামুদ্ৰিক প্ৰাণীৰ সুস্বাদু খাদ্য পৰিবেশনৰ বিজ্ঞাপনো প্ৰকাশ কৰিছিল । বিজ্ঞাপনৰ যোগেদি বিক্ৰী বৃদ্ধিৰো চেষ্টা কৰে ৰেস্তোৰাঁ দুখনে।

কিন্তু ইয়াতেই দেখা দিলে সমস্যাৰ ৷ৰেস্তোৰাঁত সামুদ্ৰিক প্ৰাণী ৰখাৰ অভিযোগত গোচৰ ৰজু কৰা হ’ল গ্ৰাহকৰ দ্বাৰা ৷ ফলত বিচাৰ আৰম্ভ হ’ল আদালতত৷ অৱশেষত ৰায়দান কৰিলে আদালতে ৷ ৰেস্তোৰাঁৰ দুয়োজন মালিকৰ বিপৰীতে বিভিন্ন ধাৰাত প্ৰদান কৰা কাৰাদণ্ডৰ শাস্তি মুঠতে হয়গৈ ১৪৪৬ বছৰ । ৰেস্তোৰাঁ দুখনৰ নাম এপিচাৰ্ট বোয়েৰ্নবেনচাক আৰু প্ৰাপাচৰণ ৷ ৰেস্তোৰাঁ দুখনে দিয়া বিজ্ঞাপনৰ পাছত লাভো কৰে যথেষ্ট গ্ৰাহকক ।

কমপক্ষেও ৰেস্তোৰাঁ দুখনত ২০ হেজাৰ গ্ৰাহক উপস্থিত হয় এই বিজ্ঞাপন দেখি ৷ গ্ৰাহকসকলক ১৬ লাখ মাৰ্কিন ডলাৰৰ সামূদ্ৰিক প্ৰাণী বিক্ৰী কৰিবলৈকো সক্ষম হয় ৰেস্তোৰাঁ দুখনে ৷দেশখনত এনেদৰে সামুদ্ৰিক প্ৰাণী তথা সামূদ্ৰিক প্ৰাণীৰ খাদ্য বিক্ৰী কৰাটো আইনগতভাৱে নিষিদ্ধ ৷ একে অভিযোগত ইয়াৰ পূৰ্বেও আন এজন ৰেস্তোৰাঁ মালিককো গ্ৰেপ্তাৰ কৰা হৈছে ।সমগ্ৰ বিষয়টোত বিচাৰৰ সময়ত ন্যায়াধীশে কে’বাবাৰো উষ্মা প্ৰকাশ কৰে ।

উল্লেখ যে থাইলেণ্ডৰ আইন অনুসৰি কোনো অভিযুক্তকে ২০ বছৰৰ অধিক কাৰাবাসৰ শাস্তি প্ৰদান কৰিব নোৱাৰি। নিজে দোষ স্বীকাৰ কৰা অভিযুক্তসকলক জৰিমনাৰ শাস্তি প্ৰদান কৰা হয় ৷ এনে অভিযুক্তক ১৮ লাখ বাট পৰ্যন্ত জৰিমনা কৰা হয়। ৰায়দানত গুচৰীয়াসকলক আদালতে ৬২ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈকো নিৰ্দেশ দিয়ে ।অৱশ্যে থাইলেণ্ডত এনে ধৰণৰ ৰায়দান এয়াই প্ৰথম নহয় ৷ ২০১৭ ত দেশৰ আদালতে প্ৰতাৰণাৰ অভিযোগত এজন লোকক ১৩ হেজাৰ বছৰৰ কাৰাবাসৰ শাস্তি প্ৰদান কৰিছিল ।

Exit mobile version