ৰিকাংমীহম গাঁৱত বনৰীয়া হাতীৰ মুক্ত বিচৰণ

elephant

ৰিকাংমীহম গাঁৱত অৱস্থান লৈ আছে এটা বনৰীয়া হাতী। পশ্চিম কাৰ্বি আংলঙৰ খান্দাজানত যোৱাকালি আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ হৈছিল এই হাতীটো। আঘাতপ্ৰাপ্ত বনৰীয়া হাতীটোয়ে এতিয়া বিচৰণ কৰি ফুৰিছে জনাঞ্চলত ৷ ডংকামোকাম বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত খান্দাজানৰ ফাৰচে-আলিত উদ্ধাৰ হোৱা আঘাতপ্ৰাপ্ত হাতীটো আজি খেৰণি বনাঞ্চলিক কাৰ্যালয় অন্তৰ্গত ৰিকাংমীহমত আহি অৱস্থান লৈছেহি । উল্লেখ্য যে আঘাতপ্ৰাপ্ত বনৰীয়া হাতীটোক বন বিভাগে শনিবাৰৰ পৰা নিৰীক্ষণত ৰাখিছে।

অতিকৈ গুৰুত্বপূৰ্ণ যে বন্যপ্ৰাণী চিকিৎসকৰ অভাৱত প্ৰথম অৱস্থাত বন বিভাগে হাতীটোক প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰাৰ বাবে কিছু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। অৱশ্যে শেহতীয়াকৈ কাজিৰঙাৰ বন্যপ্ৰাণী চিকিৎসকৰ সৈতে যোগাযোগ কৰিছে খেৰণি বন বিভাগে। আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ আদি সেৱন কৰোৱাত হাতীটো পূৰ্বৰ তুলনাত কিছু সুস্থ হৈ উঠিছে।

আৰু পৰৱৰ্তী সময়ত হাতীটোৰ চিকিৎসা অব্যাহত ৰখাৰ লগতে হাতীটোক আমৰেং বনাঞ্চললৈ পঠিওৱাৰ চেষ্টা কৰিব বুলি বন বিষয়া বিবিচন টকবিয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰিছে।ইফালে আঘাতপ্ৰাপ্ত বনৰীয়া হাতী উদ্ধাৰৰ সময়তে জিলাখনৰ চেংচেংবিল নামৰ গাঁৱখনতো ৩০-৪০ জনীয়া বনৰীয়া হাতীৰ এটা বৃহৎ জাকে আহি অৱস্থান লোৱাৰ লগতে মুক্ত মনে বিচৰণ কৰা পৰিলক্ষিত হৈছে। অৱশ্যে হাতীৰ জাকটোৰ পৰা স্থানীয় লোকৰ কোনো ক্ষতিৰ সন্মুখীন হোৱা নাই।

Exit mobile version