শোণিতপুৰৰ বৰঝাৰ গাওঁত প্ৰকৃতি প্ৰেমৰ বিৰল নিদৰ্শন

IMG 20200615 182829

এজোপা গছ এখন গাওঁৰ অভিভাৱক স্বৰূপ

প্ৰকৃতিৰ ওপৰত ধ্বংসযজ্ঞ , গছ -বন কাটি মানুহে তহিলং কৰাৰ সময়তে এটা অঞ্চলৰ মানুহে এজোপা বহু পুৰণি গছক গাওঁ খনৰ ৰক্ষা কৰ্তা তথা গছ জোপাক অভিভাৱকৰ দৰেই মান্যতা দি যুগ যুগ ধৰি পূজা-অৰ্চনা কৰি অহাৰ বিষয় পোহৰলৈ আহিছে ৷ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ দ্ৰুত উন্নয়ণৰ সময়তো এইখন অসমৰেই এটা অঞ্চলৰ লোকসকলে এজোপা পুৰণি কেন্দু গছক দেৱতাৰ দৰে পূজা কৰি আহিছে ৷ শোণিতপুৰ জিলাৰ বৰছলাৰ বৰঝাৰ গাওঁৰ মাজমজিয়াত অৱস্থিত এজোপা কেন্দু গছক গাওঁবাসীয়ে প্ৰতি বছৰে জেঠ মাহৰ কোনোবা এটা দিনত সকলোৱে একগোট হৈ সেৱা আগবঢ়াই গাওঁখনৰ মংগলৰ কামনা কৰে৷ গাওঁবাসীৰ মতে এই জোপা প্ৰায় তিনিশ বছৰ পুৰণি কেন্দু গছ ৷ গাওঁ খনৰ প্ৰজন্মৰ পিছত প্ৰজন্মই এই গছ জোপাক পৰম্পৰা অনুসৰি সেৱাভাগ আগবঢ়োৱাৰ লগতে সন্মান কৰি আহিছে ৷

ইয়াৰ উপৰিও বৰঝাৰ গাওঁৰ ৰাইজৰ বছেৰেকীয়া হিচাপ-নিকাচ, নতুন বিষয়ববীয়া বাচনি, গাওঁ উন্নয়ণৰ বছেৰেকীয়া সিদ্ধান্তও উক্ত মাংগলিক কাৰ্যসূচীৰ দিনাই এই গছজোপাক সাক্ষী কৰিয়েই কৰি আহিছে বছৰ বছৰ ধৰি ৷ ইমানেই নহয় জন বিশ্বাস অনুসৰি গাওঁ খনৰ পশুধনৰ বেমাৰ-আজাৰ হ’লে, কাৰোবাৰ আপদ-বিপদ সমস্যা হ’লে এই কেন্দু গছ জোপাৰ কাষ চাপি এথোক কল আগবঢ়ালেই সকলো উপসম হয় ৷ তিনিশ বছৰীয়া এই জোপা গছ গাওঁ খনৰ অভিভাৱক স্বৰূপে বিবেচিত হৈ আহিছে ৷

গাওঁ খনৰ এই পৰম্পৰা আৰু কেন্দু গছ জোপাৰ বিষয়ে স্থানীয় জেষ্ঠ ব্যক্তি গিৰিশ তালুকদাৰে কয়, ‘এই কেন্দু গছৰ তলত আমাৰ বৰঝাৰবাসী ৰাইজে প্ৰতি বছৰে জেঠ মাহৰ কোনো এটা দিনত সকলোৱে একোগোট হৈ সেৱা আগবঢ়ায় ৷গছ জোপাৰ এনে মহত্ব বিশ্বাস আছে যে এই অঞ্চলটোৰ সকলোৱে পূজা-অৰ্চনা সেৱা আগবঢ়াই আহিছে ৷ গছ জোপাৰ বিশেষত্ব এনেকুৱা যে এই গছজোপা তিনিটা পুৰুষ অতিক্ৰম কৰিছে ৷ প্ৰায় তিনিশ বছৰ পুৰণি গছ হয়৷ আমাৰ ব্যক্তিগত জীৱন পশু ধনৰ বেমাৰ-আজাৰ হ’লে, কাৰোবাৰ বিপদ হ’লে ইয়াত কল এথোক আগবঢ়ালে বিপদ বা সমস্যাৰ পৰা মুক্তি পায়৷ তাৰ প্ৰমাণ বহু আছে ৷ মোৰ ব্যক্তিগত জীৱনতো বহুবাৰ প্ৰমাণ পাইছো ৷ গছজোপা আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু অভিভাৱক স্বৰূপ ৷

আনহাতে স্থানীয় যুৱক নিতু ডেকাই কয়- ‘বৰঝাৰ গাওঁত যি জোপা গছ দেখিবলৈ পাইছে সেয়া আমাৰ আজোককাৰ দিনতকৈ আগৰ দিনৰ বুলি পৰিচিত ৷ প্ৰায় তিনিশ বছৰ পুৰণি গছ বুলি আমি জানিব পাৰিছো ৷ কেন্দু গছ জোপাৰ তলত জেঠ মাহত কোনোবাদিনা গাওঁবাসীয়ে সেৱা ভাগ আগবঢ়োৱাৰ পৰম্পৰা চলি আহিছে পূৰ্বৰ পৰা ৷ ইয়াৰ উপৰিও উক্ত দিনাই এই গছ জোপাক সাক্ষী কৰি গছডালৰ তলতে গাওঁ খনৰ উন্নয়ণমূলক কাম-কাজ বছৰেকীয়া সিদ্ধান্ত হিচাব নিকাচ আদিও কৰা হয় ৷ ইয়াৰ উপৰিও গাওঁ উন্নয়ণ সমিতিৰ বিষয়ববীয়া সাল-সলনি কৰি নতুন বিষয়ববীয়াক দায়িত্ব অৰ্পণ কৰে সেই মাংগলিক দিনটোতে ৷’ সেয়া যিয়েই নহওক মানুহ জাতিটোৱে প্ৰকৃতিৰ ওপৰত নিৰ্মম অত্যাচাৰ চলোৱাৰ সময়তে আজিও একাংশ মানুহে প্ৰকৃতিক তেওঁলোকৰ ভগৱান বা দেৱতা হিচাপে মান্যতা দি যুগ যুগ ধৰি পূজা-অৰ্চনা কৰি অহাটোৱে প্ৰকৃতি প্ৰেমৰ এক বিৰল নিদৰ্শন হিচাপে বিবেচিত হৈছে ৷

Exit mobile version