- বাঘজানৰ গেছকূপত সংঘটিত অগ্নিকাণ্ডৰ পিছত অঞ্চলটোত হৈ থকা সঘন ভূ-কম্পনৰ দৰে ঘটনাৰ কাৰণ আৰু প্ৰভাৱ অধ্যয়ণৰ বাবে উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (নেইষ্ট)ক দায়িত্ব অৰ্পণ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
- এই অধ্যয়নত সহযোগিতা আগবঢ়াব ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আই আই টি), গুৱাহাটীয়ে।
- অধ্যয়নৰ পিছত প্ৰতিষ্ঠানটোৱে দাখিল কৰিব প্ৰতিবেদন।
- মুখ্যমন্ত্ৰী সোণোৱালে কালি বাঘজানত কৰা ঘোষণাৰ পিছতেই আজি গ্ৰহণ কৰা হ’ল এই তাৎক্ষণিক পদক্ষেপ।
ADVERTISEMENT