অনিশ্চয়তাত ভ্ৰাম্যমাণ থিয়েটাৰঃ শিবিৰ মুকলি হ’ব কেতিয়া?

people

শেহতীয়াকৈ তলাবন্ধক কেন্দ্ৰ কৰি ভ্ৰাম্যমাণ থিয়েটাৰলৈ নামি আহিছে একৗ গুৰুতৰ প্ৰত্যাহ্বান ৷ ১৯৬৩ পাঠশালাত অচ্যুত লহকৰে জন্ম দিয়া ভ্ৰাম্যমাণ থিয়েটাৰে অৰ্ধশতিকাজুৰি নাট্য সংস্কৃতিক জনমুখী কৰি আহিছে ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে থিয়েটাৰৰ আভ্যন্তৰীণ কাৰণত ইতিমধ্যে ৪২ টা ভ্ৰাম্যমাণ নাট্যদল বন্ধ হৈ পৰিব নেকি ভ্ৰাম্যমাণ থিয়েটাৰ? ইয়াকে লৈ অভিনেতা অভিনেত্ৰী,কলা কুশলীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নাট্যপ্ৰেমী ৰাইজ আৰু আহ্বায়ক সমিতিসমূহৰ মাজত আশংকাজনক চৰ্চা চলি আছে । আনকি একাংশ প্ৰযোজকৰ মাজতো এনে আকাংশাই গা কৰি উঠাত ইতিমধ্যে আগশাৰীৰ নাট্যদল এটাই “দ্ৰপ অফ” ঘোষণা কৰিছেই ৷ অৱশ্যে এনে অনিশ্চয়তাৰ বিপৰীতে ভ্ৰাম্যমাণ থিয়েটাৰ পুনৰ জীপাল হৈ পৰাৰ ইংগিত প্ৰকাশ কৰা হৈছে ৷

উল্লেখযোগ্য যে যোৱা ১৩ মে’ত গুৱাহাটীৰ বৰগাঁৱত ভ্ৰাম্যমাণ প্ৰযোজক সন্থাই এখন সভা অনুষ্ঠিত কৰি চলিত বৰ্ষতো ভ্ৰাম্যমাণৰ ৫৬ বছৰীয়া ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ পৰিকল্পনা হাতত লৈছে ৷ অৱশ্যে বিভিন্ন প্ৰাসংগিক প্ৰত্যাহ্বানলৈ লক্ষ্য ৰাখি প্ৰযোজক সন্থাই এই পৰ্যন্ত তেওঁলোকৰ এনে পৰিকল্পনা ৰাজহুৱা কৰা নাই । এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি সন্থাৰ বাহিৰৰ থিয়েটাৰ দলসমূহে কি ভূমিকা লয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও সন্থাৰ অন্তৰ্ভুক্ত নাট্যদলসমূহে অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা ২০২০-২১ নাট্য বৰ্ষৰ বাবে আখৰা শিবিৰ মুকলি কৰা সম্ভাৱনা আছে । সূত্ৰটোৰ মতে সিদিনাৰ সভাখনত প্ৰযোজক সন্থাৰ অন্তৰ্ভুত নাট্যদল বৰদৈচিলা থিয়েটাৰ, থিয়েটাৰ ভাগ্যদেৱী, আৱাহন থিয়েটাৰ, সূৰ্য থিয়েটাৰ, বীণাপাণি থিয়েটাৰ, নয়নতৰা থিয়েটাৰ, সুৰুয আদি থিয়েটাৰৰ প্ৰতিনিধি উপস্থিত থাকে ৷

প্ৰণিধানযোগ্য যে স্বাভাৱিক সময়ত জুনৰ শেষৰফালে আৰু জুলাইৰ প্ৰথমভাগতে ভ্ৰাম্যমাণ নাট্যদলসমূহে নিজ নিজ আখৰা শিবিৰ মুকলি কৰি এটা নতুন নাট্যবৰ্ষৰ বাবে যুদ্ধং দেহী আখৰা আৰম্ভ কৰে ৷ কিন্তু মহামাৰী কৰ’না সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্য দেশজুৰি অব্যাহত থকা তলাবন্ধৰ বাবে এইবাৰ পূৰ্বৰ দৰে আখৰাৰ প্ৰস্তুতি চলা নাই কোনো এটা নাট্য দলত ৷ লগতে বৰ্তমান তলাবন্ধ শিথিল হ’লেও সকলো নিয়ম মানি চলি ভ্ৰাম্যমাণৰ আখৰা কৰাটো কোনো পধ্যেই সম্ভৱ নহয় ৷ আনহাতে চলিত বৰ্ষত ভ্ৰাম্যমাণ থিয়েটাৰ চলিলেও ব্যৱসায় সন্তোষজনক হোৱাৰ আশা কৰা নাই ৷

Exit mobile version