এইবাৰ কৰ’নাক লৈ যুক্তি পাকিস্তানৰ এজন সাংসদৰ

fazal

কৰ’না ভাইৰাছৰ সংক্ৰমণে সমগ্ৰ বিশ্বক আতংকিত কৰাৰ সময়তে এই ভাইৰাছক লৈ আজৱ মন্তব্য প্ৰকাশ কৰিলে পাকিস্তানৰ এজন সাংসদে ৷ফজল উৰ ৰহমান নামৰ উক্ত পাকিস্তানী সাংসদজনে দাবী কৰি কয় যে মানুহে যেতিয়া নিদ্ৰা গ্ৰহণ কৰে সেই সময়ছোৱাত কৰ’নাসহ সকলো ভাইৰাছ নিস্ক্ৰিষ হৈ থাকে ৷বৰ্ষীয়ান পাক সাংসদৰ এনে ভিত্তিহীন মন্তব্যক লৈ ছ’চিয়েল মিডিয়াত সৰস চৰ্চা অব্যাহত আছে ৷

শেহতীয়াভাৱে ভাইৰেল হোৱা এক ভিডিঅ’ত পাকিস্তানৰ এইজন সাংসদে দেশবাসীক যিমান পাৰি অধিক সময় নিদ্ৰা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দি কয় “যিমান পাৰে অধিক সময় নিদ্ৰা গ্ৰহণ কৰক ৷ইয়াৰ কাৰণ আপুনি যিমান নিদ্ৰা গ্ৰহণ কৰিব সিমান সময় ভাইৰাছেও নিদ্ৰা গ্ৰহণ কৰিব ৷ফলত এই ভাইৰাছে আপোনাৰ কোনো ক্ষতি কৰিব নোৱাৰে ৷ৰহমানৰ এই ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰিলে পাকিস্তানৰ সাংবাদিক নালিয়া ইনায়েটে ।সাংবাদিকগৰাকীয়ে পাক সাংসদৰ এই ভিডিঅ’ শ্বেয়াৰ কৰাৰ পাছতে ৰহমানৰ আজৱ মন্তব্যই সকলোকে হাঁহিৰ খোৰাক যোগাইছে।

Exit mobile version