নিবনুৱা সমস্যাৰ কৰাল গ্ৰাসত অসম

IMG 20200616 105401

তলাবন্ধৰ ফলত ভয়াৱহ নিবনুৱা সমস্যাৰ কৰাল গ্ৰাসত পৰিছে অসম ৷ ক’ভিড-১৯ জীৱাণুৰ সংক্ৰমণ ৰোধ কৰিবলৈ যোৱা ২৪ মাৰ্চত দেশত ঘোষণা কৰা তলাবন্ধৰ ফলত ৰাজ্যৰ বিভিন্ন ক্ষুদ্ৰ তথা মজলীয়া উদ্যোগ, শ্বপিং মল, হোটেল-ৰেস্তোৰাঁ নাইবা ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানত নিয়োজিত হৈ জীৱিকাৰ পথ প্ৰশস্ত কৰা বহুজন এতিয়া কৰ্মহীন হৈ চৰম হতাশাত ভূগিছে ৷ অধিকাংশ প্ৰতিষ্ঠানে কৰ’নাৰ পৰিস্থিতিৰ পৰিপেক্ষিতত লোকচানৰ সন্মুখীন হৈ বহু কৰ্মচাৰীক পুনৰ কামত নিয়োজিত নকৰি অব্যাহতি দিছে ৷

উল্লেখযোগ্য যে চৰকাৰী তথ্য, ৰাজ্যত ২০১৮ ত পঞ্জীয়নভূক্ত নিবনুৱাৰ সংখ্যা আছিল ২০,২৪,৪৪৬ জন ৷ কিন্তু শেহতীয়াকৈ এই সংখ্যা ২২ লক্ষাধিক বুলি সময়ে সময়ে চৰকাৰৰ বিভিন্ন পক্ষই প্ৰকাশ কৰি আহিছে ৷ নিজকে সংস্থাপিত কৰাৰ লক্ষ্যৰে হাবাথুৰি খাই আহিছে আৰু সমান্তৰালভাৱে চৰকাৰী চাকৰিলৈ বাট নাচাই অধিকাংশই ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ব্যক্তিগত ক্ষুদ্ৰ তথা মজলীয়া উদ্যোগ, শ্বপিং মল, হোটেল ৰেস্তোৰাঁ, নাইবা ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানত সংস্থাপনৰ বাট প্ৰশস্ত কৰি আহিছে ৷

কিন্তু তলাবন্ধই এইসকল যুৱক যুৱতীৰ ভৱিষ্যতলৈ গভীৰ প্ৰশ্ন চিহ্ন আঁকি দিলে ৷ শিক্ষা সাং কৰি পৰিয়াল পোহপাল দিয়াৰ তাগিদাত চৰকাৰী চাকৰি আশা ত্যাগ কৰি শ্বপিং মলৰ কৰ্মচাৰী হিচাপে যোগদান কৰা দ্বীপ, কল্যাণ, মানৱ, চুমন শেৱালীহঁতৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে ৷ অনিকাংক্ষিত ভৱিষ্যতক লৈ দিশহাৰা তেওঁলোক ৷ চৰকাৰী পক্ষই এই ক্ষেত্ৰত সহায় কৰিবলৈ কৈছিল যদিও অধিকাংশ প্ৰতিষ্ঠানে তেওঁলোকৰ এই আহ্বানলৈ সহাঁৰি দিয়া নাই । কিয়নো বহু উদ্যোগ প্ৰতিষ্ঠানক তলাবন্ধই জোকাঁৰি গৈছে । এই ক্ষেত্ৰত চৰকাৰৰ বিভাগ সম্পূৰ্ণ নিমাত ৷ ৰাজ্যৰ হেজাৰ হেজাৰ যুৱক যুৱতী এইদৰে কৰ্মহীন হৈ পৰাৰ পাছতো সংশ্লিষ্টসকলক সকাহ দিবলৈ এই পৰ্যন্ত কোনো কাৰ্যকাৰী পদক্ষেপ গ্ৰহণ কৰা নাই নিবনুৱা সমস্যা দূৰ কৰা শ্ল’গানেৰে শাসনৰ গাদী দখল কৰা চৰকাৰখনে ৷

Exit mobile version