পলাবলৈ চেষ্টা কৰি কৰ’নাত আক্ৰান্ত ৰোগী পালেগৈ আই চি ইউ

123597 coronavirus 2

বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত পাল্লীৰতলৰ এটি কোৱাৰেন্টাইন কেন্দ্ৰত আজি পুৱতি নিশা এক অঘটন সংঘটিত হয়। কেন্দ্ৰটোৰ এগৰাকী কৰ’না ৰোগী পলায়নৰ চেষ্টা কৰোঁতে দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হয় ।আহত ৰোগীজন হৈছে পাল্লীৰতলৰ জয়ফুদ্দিন শ্বেখ বুলি জানিব পৰা গৈছে ৷ঘটনা সন্দৰ্ভত জানিব পৰা মতে পাল্লীৰতল প্ৰাথমিক বিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত থকা দুজন লোকৰ শৰীৰত ক’ভিড১৯ পজিটিভ ধৰা পৰে।

লোকদুজন বহিঃৰাজ্য উৰিষ্যাৰ পৰা আহি পাল্লীৰতল প্ৰাথমিক বিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত আছিল ৷উক্ত লোকদুজনৰ লেলাউটি পৰীক্ষা কৰাৰ অন্তত তেওঁলোকৰ দেহত ক’ভিড১৯ ৰ অৱস্থিতি ধৰা পৰে ৷পিছত আজি পুৱতি নিশা প্ৰায় ৩-৩০ বজাত চিকিৎসক আৰু আৰক্ষীৰ এটা দলে কোৱাৰেন্টাইন কেন্দ্ৰটোত উপস্থিত হৈ লোকদুজনক চিকিৎসালয়লৈ নিব বিচাৰে। আৰক্ষী আৰু চিকিৎসকৰ উপস্থিতিৰ উমান পাই কৰ’না আক্ৰান্ত জয়ফুদ্দিন শ্বেখে বিদ্যালয় গৃহৰ চিলিঙত উঠি পলায়নৰ চেষ্টা চলাওতে বিদ্যালয়ৰ গৃহৰ চিলিং ভাগি মজিয়াত পৰে ৷

ফলত ৰোগীজনে মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷আহত লোকজনক চিকিৎসক আৰু আৰক্ষীৰ দলে উদ্ধাৰ কৰি ততাতৈয়াকৈ বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে ৷আহত লোকজন সম্প্ৰতি অতি সংকটজনক অৱস্থাত আই চি ইউত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে ৷

Exit mobile version