মৃত্যুৰ পূৰ্বে টিকট’ক ভিডিঅ’ কৰি বৰভাগৰ বৰকুৰিহাৰ যুৱতীৰ আত্মহত্যা

Screenshot 2020 06 16 18 17 48 12

মৃত্যুৰ মাত্ৰ কেইটামান মূহুৰ্তৰ পূৰ্বে টিকট’ক ভিডিঅ’ কৰি আত্মহত্যা কৰিলে নলবাৰীৰ বৰকুৰিহাৰ এগৰাকী যুৱতীয়ে ৷ নলবাৰীৰ বৰকুৰা ৰেল গেটৰ কাষত আজি দুপৰীয়াৰ ভাগত ৰেলৰ আগত পৰি আত্মহত্যা কৰা যুৱতীগৰাকীৰ নাম বন্দনা কলিতা ৷স্নাতক প্ৰথম ষান্মাসিকৰ ছাত্ৰী বন্দনাই ভিডিঅ’টোত উল্লেখ কৰে “মই যাক ভাল পাইছিলো সিয়ে গুছি গ’ল,গতিকে জীয়াই থাকি কি লাভ । ট্ৰেইন আহিব আৰু । হাঁহি মুখে যাব ওলাইছো । লাভ ইউ মা,লাভ ইউ দেউতা । ভাইটি আছে ভন্টীক ভালদৰে পঢ়াবা” ৷

জানিব পৰা মতে যুৱতীগৰাকীৰ প্ৰেমিকে যোৱা নিশা আত্মহত্যা কৰিছিল । আজি পুৱা প্ৰেমিকৰ মৃত্যুৰ খবৰ পাই যুৱতী গৰাকীয়ে নলবাৰী চহৰৰ এঘৰ আত্মীয়ৰ ঘৰলৈ বুলি ওলাই আহিছিল। কিন্তু বৰকুৰা ৰেল গেটৰ কাষত টিকট’ক ভিডিঅ’ কৰি যুৱতী গৰাকীয়ে তীব্ৰ বেগী শ্ৰমিক এক্সপ্ৰেছৰ আগত থিয় হোৱাত ৰেলখনে মহতিয়াই নিয়ে।

তাৰ পিছতে ৰেল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। ইয়াৰ পিছতে আত্মীয় লোকসকলে মৃতদেহটো চিনাক্ত কৰাৰ পিছতে মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীৰ ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।উল্লেখ্য আত্মহননৰ পথ বাছি লোৱা বন্দনা কলিতা নামৰ যুৱতী গৰাকীৰ ফেচবুকত জীয়া কাশ্যপ নামত একাউন্ট আছিল ।

Exit mobile version