উচতনি দিলে প্ৰত্যুত্তৰ দিয়াৰ ক্ষমতা ভাৰতৰ ওচৰত আছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

modi

অৱশেষত ভাৰত চীন সীমান্ত বিবাদ সন্দৰ্ভত মত ব্যক্ত কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ দেশৰ বীৰ জোৱানসকলক সুঁৱৰি মোদীয়ে কয় যে “দেশৰ জোৱানসকলৰ আত্মবলিদান আমাৰ মনত সজীৱ হৈ ৰ’ব ৷দেশৰ সন্মান সকলোতকৈ ওপৰত ৷দেশক সুৰক্ষিত কৰি ৰাখিবৰ বাবে আমাক কোনেও ধৰি ৰাখিব নোৱাৰে ৷গতিকে এই সন্দৰ্ভত কোনেও যাতে একো সন্দেহ নাৰাখে ৷

লগতে মোদীয়ে কয় “শান্তি আমি সকলোৱে বিচাৰো ৷কিন্তু উচতনি দিলে তাৰ প্ৰত্যুত্তৰ দিয়াৰ ক্ষমতা ভাৰতৰ ওচৰত আছে ।আমাৰ বীৰ জোৱান সকলে বিপৰীত পক্ষক মাৰি মাৰি মৰি গ’ল ৷এইয়া দেশৰ কাৰণে গৌৰৱ ৷ ইফালে মোদীয়ে প্ৰত্যেক ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক বীৰ জোৱানসকলৰ আত্মাৰ সদগতিৰ কাৰণে দুই মিনিট সময় মৌন প্ৰাৰ্থনা কৰিবলৈ আহ্বান কৰে ৷

আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে ১৯ জুনত এখন বৈঠক অনুষ্ঠিত কৰা কথা সদৰী কৰে ৷ ইপিনে আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও বীৰ জোৱানসকলক শ্ৰদ্ধাৰে সুঁৱৰি কয় যে দেশে বীৰ জোৱানসকলৰ আত্মবলিদান আৰু সাহসক কেতিয়াও নাপাহৰে ৷লগতে তেওঁলোকৰ পৰিয়ালক সকলো ধৰণৰ সহায় সহযোগিতা কৰা হ’ব বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আশ্বাস দিয়ে ।

Exit mobile version