চোৰৰ সাহস:বিপাঙত আৰক্ষী

IMG 20200617 WA0030

চিৰাং জিলাৰ জে এচ বি অসামৰিক চিকিৎসালয়ত এজন কৰ’না ৰোগীৰ পৰা এটা মোবাইল চুৰিৰ ঘটনাই জিলাখনত ত্ৰাসৰ সৃষ্টি কৰিছে । ঘটনা অনুসৰি মালিপাৰাৰ ক’ৰোনা আক্ৰান্ত ফৌজোনদাও বসুমতাৰী(৩৬) দিল্লীৰ পৰা আহি কোৱাৰেন্টাইনত ৭ দিন থকাৰ পিচত হোম কোৱাৰেন্টাইনত থাকে যদিও দুদিন পিচতে তেওঁৰ স্বাব পৰীক্ষাৰ ফলাফলত কৰ’নাত আক্ৰান্ত হয় । তাৰ পিচতে লোকজনক জিলা সদৰ কাজলগাঁৱৰ জে এচ বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় । সোমবাৰে কৰ’না আক্ৰান্ত লোকজন আইছ’লেচন কক্ষক চিকিৎসাধীন হৈ থকা অৱস্থাত নিশা তেওঁ ব্যৱহাৰ কৰা মোবাইল ফোনটো চুৰি হয় । তাৰপিচতে ক’ৰোনা আক্ৰান্ত লোক জনে চিকিৎসালয় কৰ্তৃপক্ষক মোবাইল চুৰিৰ অভিযোগ দিয়াৰ পিচত চিকিৎসালয় কৰ্তৃপক্ষই চি চি টিভিৰ ভিজুৱেল পৰীক্ষা কৰে আৰু নিশা চোৰে ম’বাইল ফোন চুৰি কৰাৰ দৃশ্য প্ৰত্যক্ষ কৰে ।

ইয়াৰ পিছতে মোবাইলটোৰ লোকেশ্যন পৰীক্ষা কৰি আৰক্ষীয়ে অভিযান চলায় । আনহাতে, কৰ’না আক্ৰান্ত ৰোগীৰ মোবাইল চুৰি কৰি চোৰে বেংতলত উপস্থিত হয় ইপিনে চিকিৎসালয়খনৰ প্ৰৱেশ পথত তলা লগোৱা আছিল যদিও নিশা চিকিৎসালয়খনত চোৰে কিদৰে প্ৰবেশ কৰিলে সেই লৈ সৃষ্টি হৈ হৈছে চাঞ্চল্যৰ । লগতে,কৰ’না আক্ৰান্ত ৰোগী চিকিৎসা কৰা আইছ’লেচনত চোৰে কিদৰে প্ৰবেশ কৰিব পাৰিলে ? এই ক্ষেত্ৰত নিৰাপত্তাৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে । আজি চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙৰ নিৰ্দেশ অনুসৰি জিলা সদৰ উপ আৰক্ষী অধিক্ষক প্ৰতাপ দাসৰ নেতৃত্বত ৰুনিখাতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰামচৰন ৰাভা আৰু বেংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হায়দৰ হুচেইনে অভিযান চলাই চিচি কেমেৰাৰ পৰা সংগ্ৰহ কৰা দৃশ্যৰ ভিত্তিত ২নং বেংতলৰ জগেশ বৰ্মনৰ পুত্ৰ বাপু(পাপ্পু) বৰ্মন(২২)ক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

গ্ৰেপ্তাৰ চোৰ বাপু(পাপ্পু) বৰ্মনে মোবাইল চুৰিৰ জড়িয়তে চিৰাং জিলাত কৰ’নাৰ গণসংক্ৰমন কৰিবলৈ লৈছিল । চোৰে মোবাইল চুৰ কৰাৰ পিচত যিসকল লোকৰ সংস্পৰ্ষলৈ আহিছিল সকলোকে কোৱাৰেন্টাইন কৰিব লাগিছিল যদিও ইতিমধ্যে আৰক্ষীয়ে চোৰটোক গ্ৰেপ্তাৰ কৰি কাজলগাঁৱৰ জে এচ বি অসামৰিক চিকিৎসালয়ত কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে ৷

Exit mobile version