ভাৰত চীনৰ সংঘৰ্ষৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

rajnath singh

ভাৰত আৰু চীনৰ মাজত হোৱা সংঘাতৰ প্ৰায় ৩৬ ঘন্টাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজনাথ সিঙে। প্ৰতিৰক্ষা মন্ত্ৰী সিঙে কয় যে গালৱানত শ্বহীদ হোৱা ভাৰতীয় জোৱানসকলৰ মৃত্যু মৰ্মান্তিক ৷তেওঁলোকৰ সাহস আৰু দেশৰ প্ৰতি থকা কৰ্তব্যক দেশে কেতিয়াও নাপাহৰে। লগতে শ্বহীদ হোৱা জোৱানসকলৰ পৰিয়ালক সকলো ক্ষেত্ৰতে সহায় সহযোগিতা প্ৰদান কৰাৰ আশ্বাস দিয়ে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

উল্লেখযোগ্য ভাৰত চীনৰ সীমান্তত ২০ জন ভাৰতীয় সেনাই প্ৰাণ হেৰুৱাইছিল ।ইয়াৰ বিপৰীতে চীনা সেনাবাহিনীৰ কমেও ৪৩ জন এই সংঘৰ্ষত ধৰাশায়ী হয় ৷এই সংঘৰ্ষক কেন্দ্ৰ কৰি দুই দেশৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজধানী দিল্লীত ব্যাপক তৎপৰতা পৰিলক্ষিত হয় ।কৰ’না ভাইৰাছৰ ত্ৰাসৰ মাজতে বিগত দুমাহ ধৰি ভাৰত চীনৰ মাজত সংঘাতময় পৰিস্থিতিৰ সূচনা হৈ আহিছে।

ইয়াৰ পূৰ্বে লাডাখৰ সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত দুই সেনা বাহিনীৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল ৷চীন সীমান্তত হেজাৰ হেজাৰ সেনাৰে ৰণচালি ধৰাত ভাৰতেও ইয়াৰ প্ৰত্যুত্তৰত সম্পূৰ্ণৰূপে সাজু হয় ।ইয়াৰ পাছত অৰুণাচল সীমান্ততো চীনে এক ধৰণে সংঘাতময় পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ চেষ্টা চলায় ৷এই বিষয়বোৰক লৈ দুয়ো পক্ষৰ মাজত স্থানীয় পৰ্যায়ত সমাধানসূত্ৰ নিৰ্ধাৰণৰ বাবে বৈঠক চলি থকাৰ মাজতে চৰম সীমা পায় আৰু নিশা সৈন্যৰ তেজেৰে ৰক্তাক্ত হয় ভাৰত চীন সীমান্ত ৷

Exit mobile version