লাডাখত চীন ভাৰতৰ ৰক্তাক্ত সংঘৰ্ষ

IMG 20200617 114845

ভাৰত চীন সীমান্তত বাজি উঠিছে যুদ্ধৰ দামামা ৷ যোৱা নিশা লাডাখত সংঘটিত এক ৰক্তাক্ত সংঘৰ্ষত ভাৰতীয় আৰু চীনা সেনাৰ বিষয়াসহ কমেও ৬৩ জন নিহত হয় । বিগত কিছুদিন ধৰি লাডাখৰ সীমান্তত দুই দেশৰ সেনাৰ মাজত চলি থকা সংঘৰ্ষময় পৰিস্থিতিৰ অধিক অৱনতি ঘটি যোৱা নিশা ই ৰক্তাক্ত ৰূপ লয় । লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ গালৱান উপত্যকাত দুই দেশৰ সেনা বাহিনীৰ মাজত সংঘটিত এই সংঘৰ্ষত এজন কৰ্ণেলকে ধৰি ২০ জন ভাৰতীয় সেনাই প্ৰাণ হেৰুৱাবলগীয়া হয় । ইয়াৰ বিপৰীতে চীনা সেনাবাহিনীৰ কমেও ৪৩ জন এই সংঘৰ্ষত ধৰাশায়ী হয় ৷ এই সংঘৰ্ষক কেন্দ্ৰ কৰি দুই দেশৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজধানী দিল্লীত ব্যাপক তৎপৰতা পৰিলক্ষিত হয় ।

কৰ’না ভাইৰাছৰ ত্ৰাসৰ মাজতে বিগত দুমাহ ধৰি ভাৰত চীনৰ মাজত সংঘাতময় পৰিস্থিতিৰ সূচনা হৈ আহিছে । ইয়াৰ পূৰ্বে লাডাখৰ সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত দুই সেনা বাহিনীৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল ৷ চীন সীমান্তত হেজাৰ হেজাৰ সেনাৰে ৰণচালি ধৰাত ভাৰতেও ইয়াৰ প্ৰত্যুত্তৰত সম্পূৰ্ণৰূপে সাজু হয় । ইয়াৰ পাছত অৰুণাচল সীমান্ততো চীনে এক ধৰণে সংঘাতময় পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ চেষ্টা চলায় ৷ এই বিষয়বোৰক লৈ দুয়ো পক্ষৰ মাজত স্থানীয় পৰ্যায়ত সমাধানসূত্ৰ নিৰ্ধাৰণৰ বাবে বৈঠক চলি থকাৰ মাজতে চৰম সীমা পায় আৰু নিশা সৈন্যৰ তেজেৰে ৰক্তাক্ত হয় ভাৰত চীন সীমান্ত ৷

ঘটনাৰ বিৱৰণি অনুসৰি চীনে চুক্তি ভংগ কৰাৰ কাৰণে এই হিংসাত্মক পৰিস্থিতিৰ সূচনা হয় । চুক্তি ভংগ কৰি চীনা সেনাবাহিনীয়ে এটা স্থানত প্ৰৱেশৰ চেষ্টা চলোৱাক লৈ ইয়াৰ সূত্ৰপাত হয় । কোনো গুলি চালনাৰ ঘটনা সংঘটিত নহয় ভাৰত চীন সীমান্তত ৷ কিয়নো দুই দেশৰ মাজৰ এক প্ৰচলিত ৰীতি আছে যে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত পহৰাত দুই সেনাবাহিনীয়ে অস্ত্ৰ শস্ত্ৰ কঢ়িয়াই নিনিয়ে ৷ যাৰ ফলত ভাৰত চীন সীমান্ত পৃথিৱীৰ সকলোতকৈ শান্ত সীমান্তৰ ভিতৰত অন্যতম বুলি চৰ্চা আছিল ৷ দুই সেনা বাহিনীৰ মাজত হতাহতি, মাৰপিট, শিল দলিওৱা আদিৰ দৰে ঘটনা বহুবাৰ সংঘটিত হৈছিল ৷

সীমান্তত কেতিয়াও গুলিচালনা কৰা নহ’ব । এনে এক বুজাপৰাও দুই দেশৰ মাজত চলি আহিছে ৷ উত্তেজনা প্ৰশমিত কৰি ৰাখিবলৈ এনে সিদ্ধান্ত লোৱা হৈছিল ৷ ফলত কাজিয়া-পেচাল হ’লেও প্ৰাণঘাতী ৰূপ ধাৰণ কৰা নাছিল সংঘৰ্ষই । কিন্তু ইতিমধ্যে যি হাৰত হিংসাত্মক ৰক্তাক্ত প্ৰাণঘাতী ঘটনা সংঘটিত হ’ল তাৰ পাছত ভাৰত চীন সীমান্তক শান্তিপূৰ্ণ আখ্যা দিবলৈ গৈ থমকি ৰৈছে বিশেষজ্ঞই ৷ বিশেষজ্ঞৰ মতে গুলিচালনা নকৰিলেও অশান্তিৰ বীজ আছে আৰম্ভণিৰে পৰাই ৷

Exit mobile version