কৰ’নাই স্তব্ধ কৰিছে সমগ্ৰ বিশ্বক । বিশ্বৰ আগশাৰীৰ বহু দেশে কৰ’নাৰ ঔষধ প্ৰস্তুতৰ বাবে দিনে নিশাই প্ৰচেষ্টা চলাই আহিছে যদিও বৰ্তমানলৈকে প্ৰস্তুত কৰি উলিয়াব পৰা নাই কৰ’নাৰ ভেকচিন ৷ চিকিৎসা বিজ্ঞানক প্ৰত্যাহ্বান জনাই কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিদিনেই ভয়ংকৰ গতিত বৃদ্ধি পাইছে ৷ সম্প্ৰতি ভাৰততো ভয়াৱহ ৰূপ লৈছে কৰ’নাই ৷ প্ৰতিৰোধৰ বাহিৰে অন্য কোনো প্ৰতিকাৰৰ ব্যৱস্থা নথকা এইবিধ ৰোগে সমগ্ৰ মানৱ সভ্যতালৈ কঢ়িয়াই আনিছে ভাবুকি ৷ কিন্তু এনে সময়তো কিছু খবৰে সমাজৰ প্ৰতি আনিছে ইতিবাচক বাৰ্তা ৷ বৰ্তমান সময়ত কৰ’না প্ৰতিৰোধৰ স্বাৰ্থত অধিকাংশই পৰিস্কাৰ পৰিছন্নতাৰ দিশটোত দিছে অধিক গুৰুত্ব ৷
ফলশ্ৰুতিত এই বছৰটোৰ বিগত বছৰসমূহতকৈ বহুগুণে হ্ৰাস পাইছে ছৰ্দি, জ্বৰ আদি সোঁচৰা ৰোগৰ পৰিমাণ ৷ বিভিন্ন ঔষধৰ বিপনীত সমীক্ষা চলাই গম পোৱা গৈছে চলিত বৰ্ষত মাৰ্চ মাহৰ পৰা বৰ্তমানলৈকে এন্টিবায়’টিক,জ্বৰ-চৰ্দি ঔষধৰ বিক্ৰী একেবাৰেই কম ৷ বিক্ৰী হ্ৰাস পাইছে কফ চিৰাপৰ ৷ কিন্তু সাধাৰণতে এনে সময়তে বজাৰত এনেধৰণৰ ঔষধৰ ব্যাপক চাহিদা বৃদ্ধি পায় ৷ কাৰণ ঋতু পৰিৱৰ্তনৰ ফলত মাৰ্চ মাহৰ পৰা জুন মাহলৈ এনে ৰোগৰ সংক্ৰমণ বৃদ্ধি পায়। কিন্তু কেৱল মাস্ক, চেনিটাইজাৰৰ লগতে পৰিস্কাৰ পৰিছন্নতাৰ দিশটোত অধিক গুৰুত্ব দিয়াৰ বাবেই এনে ৰোগৰ পৰা অধিকাংশ লোকেই পৰিত্ৰাণ পাইছে । নিৰাশাৰ মাজতো এনে খবৰে সমগ্ৰ মানৱজাতিৰ প্ৰতি আশাৰ বাৰ্তা কঢ়িয়াইছে ।






























