খানাপাৰাত যুদ্ধংদেহী প্ৰস্তুতিঃ সাজু ৩ টা কোৱাৰেন্টাইন কেন্দ্ৰ

cv

ৰাজ্যত সম্প্ৰতি কৰ’নাৰ আতংক ৷প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷

বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ দেহত ক’ভিড১৯ৰ উপস্থিতি ধৰা পৰা সমান্তৰালভাৱে গুৱাহাটী মহানগৰীত কৰ’নাৰ গণসংক্ৰমণৰ আশংকা প্ৰকাশ কৰিছ স্বাস্থ্য বিভাগে ৷

বহিঃৰাজ্যৰ পৰা অহা লোকসকলক কোৱাৰেন্টাইন কৰিবৰ কাৰণে চৰকাৰে খানাপাৰাত সাজু কৰি উলিয়াইছে বৃহৎ কোৱাৰেন্টাইন কেন্দ্ৰ ৷

এই কোৱাৰেন্টাইন কেন্দ্ৰৰ ৩ টা শিবিৰ ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে।

আৰু ৬ টা শিবিৰৰ নিৰ্মাণ একসপ্তাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব ৷

এই কোৱাৰেন্টাইন কেন্দ্ৰত প্ৰায় এক হাজাৰ লোকক ৰখা হ’ব ।

উল্লেখ্য যে বহিঃৰাজ্যৰ পৰা অহা লোকসকলক প্ৰথমতে “লেলাউটি”পৰীক্ষা কৰাৰ পিছতেই খানাপাৰাৰ এই বৃহৎ কোৱাৰেন্টাইন কেন্দ্ৰত ৰখা হ’ব।

Exit mobile version