চীনৰ আক্ৰমণ সম্পূৰ্ণ পৰিকল্পিত

WhatsApp Image 2020 06 18 at 12.02.26 PM

সোমবাৰে নিশা ভাৰতীয় সেনাবাহিনীৰ ওপৰত চীনা সৈন্যৰ ভয়ংকৰ আক্ৰমণ আছিল সম্পূৰ্ণ পৰিকল্পিত ৷ এই আক্ৰমণত কমেও ২০ জন বিষয়া জোৱানে প্ৰাণ হেৰুওৱা ঘটনাই প্ৰতিজন ভাৰতীয়ক ব্যথিত কৰি তুলিছে ৷ দেশজুনৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদৰ মনোভাৱ গঢ় লৈ উঠিছে । চীনা সামগ্ৰী বৰ্জনৰ লগতে ধ্বংস কৰাৰ দাবী উঠিছে ৷ ইয়াৰ মাজতে প্ৰয়োজনত উচিত প্ৰত্যুত্তৰ দিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকীয়াই দিছে । এই সংঘৰ্ষৰ ঘটনাৰ কেতবোৰ নতুন তথ্য সম্প্ৰতি পোহৰলৈ আহিছে ৷ তথ্য অনুসৰি অতি নিৰ্মম, শোকাৱহ পৰিস্থিতিত প্ৰাণ হেৰুৱাবলগা হৈছিল ভাৰতীয় সেনাই ৷ আনকি এতিয়াও অতি সংকটজনক অৱস্থাত মৃত্যুৰ স’তে যুঁজি আছে আন চাৰিজন জোৱান ।

লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰত চীনৰ ৰক্তাক্ত সংঘৰ্ষত দুয়োপক্ষৰ কমেও ৬০ সেনা হতাহত হোৱাৰ পাছত প্ৰশ্ন হয় সোমবাৰে এনে কি ঘটনা সংঘটিত হৈছিল যাৰ ফলত হঠাতে প্ৰাণঘাতী পৰিস্থিতিৰ সৃষ্টি হ’ল । ভাৰতীয় সেনা বাহিনীৰ সূত্ৰত প্ৰকাশ যে গালৱান নদী উপত্যকাত ভাৰতীয় টহলদাৰী বাহিনীৰ এটা সৰু দলে চীনা এটা শিবিৰৰ উৎখাত কৰাক লৈ ২০ জনকৈ ভাৰতীয় সেনাই প্ৰাণ হেৰুওৱা ঘটনাটোৰ আৰম্ভ হয় ৷এই শিবিৰটো আছিল সমুদ্ৰপৃষ্ঠৰ পৰা ১৫ হেজাৰ ফুট উচ্চতাৰ গালৱান নদী উপত্যকাত । বিগত এমাহ ধৰি চীন আৰু ভাৰত সীমান্তত উত্তেজনা অব্যাহত আছিল ৷ একাধিক দুয়ো পক্ষই লিপ্ত হৈছিল সমুখ সমৰত ৷ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি চীনা সৈন্যই ভাৰতৰ ভূমিত প্ৰবেশ কৰাক লৈয়ে বিগত দিনবোৰত উত্তেজনা অব্যাহত আছিল ।

সূত্ৰত প্ৰকাশ পায় যে চীনা সৈন্যই ভাৰতীয় সেনা বিষয়া সন্তোষ বাবুক প্ৰথমে আক্ৰমণৰ লক্ষ্য কৰি লোৱাত দুয়োপক্ষৰ হতাহতি আৰম্ভ হয়ো দুয়োপক্ষৰ সেনাৰ হাততে আছিল জোঙাল ৰড আৰু সৰু লাঠি আদি ৷ ক্ৰমাৎ উত্তেজনা আৰু সংঘৰ্ষই ৰক্তাক্ত ৰূপ ধাৰণ কৰাত ভাৰত আৰু চীনা বাহিনী উভয়ে সেই স্থলীলৈ অধিক সৈন্য প্ৰেৰণ কৰে ৷ ভাৰতীয় সেনাই দাবী কৰে যে চীনা সৈন্যই লোৰ জোঙাল মূৰ থকা লাঠি আৰু ৰডেৰে আক্ৰমণ কৰিছিল । দুয়োপক্ষৰ মাজত শিল দলিওৱাৰ লগতে হতাহতিও লাগে ৷ চৰম উত্তেজনাময় হিংসাত্মক এই সংঘৰ্ষত দুয়োপক্ষৰ সেনা আহত হয়। এই পৰিস্থিতিত বহু সংখ্যক সেনা গালীৱান নদীত পৰি যায় ।প্ৰচণ্ড শীতৰ বাবে পৰিস্থিতি ক্ৰমাৎ শোচনীয় হয়। আৰু তাৎক্ষণিকভাৱে নদীত পৰি যোৱা ভাৰতীয় জোৱানসকলক উদ্ধাৰ কৰিব পৰা নগ’ল ৷ ভাৰতীয় সেনাই এই পৰ্যন্ত ২০ জনৰ মৃত্যু নিশ্চিত কৰিছে ৷ইয়াৰ লগতে চাৰিজন জোৱান গুৰুতৰ ভাৱে আহত বুলি প্ৰকাশ কৰা হৈছে ৷

Exit mobile version