শুক্লেশ্বৰ দেৱালয়, বশিষ্ট দেৱালয়, জনাৰ্দন দেৱালয়, বানেশ্বৰ দেৱালয়ত কৰ’নাৰ বাবে অনুষ্ঠিত নহয় ব’লবমৰ অনুষ্ঠান

WhatsApp Image 2020 06 18 at 2.06.39 PM

বিশ্ব কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ঐতিহ্যমণ্ডিত শুক্লেশ্বৰ দেৱলয়ত প্ৰতিবছৰে জুলাই মাহত অনুষ্ঠিত হৈ অহা বল’বমৰ সকলো কাৰ্য্যসূচী এইবৰ্ষত বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে | বৃস্পতিবাৰে পানবজাৰস্থিত শুক্লেশ্বৰ দেৱালয়ৰ প্ৰাংগনত অনুষ্ঠিত এক সংবাদ মেলত মন্দিৰ পৰিচলনা সমিতিৰ কাৰ্য্যকৰী সভাপতি সুৰেশ চন্দ্ৰ ভট্টাচাৰ্যই এই কথা সদৰী কৰে ৷ তেওঁ কয় যে বল’বমৰ সময়ত শুক্লেশ্বৰ দেৱালয়, বশিষ্ঠ দেৱালয়, জনাৰ্দ্দন দেৱালয় আৰু বানেশ্বৰ দেৱালয়ত বহু ভক্তৰ সমাগম হয় ৷ সেই বাবেই আটাইকেইখন দেৱালয়ৰ সমিতিয়ে আলোচনা কৰি কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ বল’বমৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে ৷

Exit mobile version