অন্ধ্ৰৰ বালি খাদানত সন্ধান ওলাল দুশ বছৰ পুৰণি শিৱ মন্দিৰৰ

andhra pradesh remains of ancient lord shiva temple found in sand mining process in nellore

দেশত পুনৰ সন্ধান লাভ কৰা হৈছে প্ৰাচীন স্থাপত্যৰ । এটি বালি খাদানত খনন কৰি থকাৰ সময়তে মন্দিৰৰ চুড়া সদৃশ ধ্বংসাৱশেষৰ দৰে লগা কিছু স্থাপত্য দেখিবলৈ পায় । অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰ জিলাৰ পেৰুমালাপাডু গাঁৱৰ কাষেৰে বৈ যোৱা পেন্না নদীৰ পাৰত আছে এই বালিৰ মহল । অনুমান কৰা অনুসৰি এই স্থাপত্য দুশ বছৰৰ অধিক পুৰণি । মন্দিৰৰ ধ্বংসাৱশেষ উদ্ধাৰ হোৱা স্থানত পূৰ্বতে এটি শিৱ মন্দিৰ আছিল বুলি মুখে মুখে চলি অহা কাহিনীও আছে । স্থানীয় বাসিন্দা সকলৰ বিশ্বাস বিষ্ণুৰ অন্যতম অৱতাৰ পৰশুৰামে এই শিৱ মন্দিৰটো স্থাপন কৰিছিল; কিন্ত পেন্না নদীৰ গতিপথ পৰিৱৰ্তন হোৱাৰ ফলত লাহে লাহে মন্দিৰটো বালিৰ তললৈ সোমাই পৰে । অৱশেষত বালি খননৰ সময়তে পুনৰ মন্দিৰটোৰ সন্ধান লাভ কৰা হয় ।

পুৰাতত্ব বিভাগৰ সহকাৰী সঞ্চালক ৰামসুব্বা ৰেড্ডীৰ মতে সন্ধান লাভ কৰা স্থাপত্যৰ সন্দৰ্ভত এতিয়াই নিশ্চিতভাৱে কিছু কোৱাটো সম্ভৱ হৈ উঠা নাই । সমগ্ৰ বিষয়টো বিস্তাৰিতভাৱে প্ৰথমে পৰীক্ষা কৰিব লাগিব । তাৰ পাছতহে এই সন্দৰ্ভত স্পষ্টভাৱে কিবা এটা ক’ব পৰা হ’ব । বালিৰ মহলটোত সদ্যহতে সম্পূৰ্ণভাৱে খনন চলোৱা হ’ব । স্থাপত্যটোৰ বাকী অংশ পুনৰ উদ্ধাৰ কৰাই হ’ব সম্প্ৰতি বিভাগৰ প্ৰথম লক্ষ্য । কিছুদিন পূৰ্বে ওড়িছাৰ মহানদীৰ বুকুতো উদ্ধাৰ কৰা হৈছিল আন এক প্ৰাচীন মন্দিৰৰ ধ্বংসাৱশেষ । ইয়াৰ পাছতে চুবুৰীয়া ৰাজ্য অন্ধ্ৰত মন্দিৰৰ ধ্বংসাৱশেষ উদ্ধাৰ হোৱাত স্বাভাৱিকতে পুৰাতত্ববিদসকল উৎসাহিত হৈ পৰিছে ।

Exit mobile version