আই আই টি গুৱাহাটীয়ে উদ্ভাৱন কৰি উলিয়াইছে আৰামদায়ক অতি কম মূল্যৰ ভি টি এম সহ তিনিটা কীট

Photo1 LtoR Mr

আই আই টি গুৱাহাটীৰ ন ন উদ্ভাৱনে বিশ্ব বাসীৰ দৃষ্টি নিৱদ্ধ কৰিছে ৷ এইবাৰ চিকিৎসাৰ ক্ষেত্ৰত আন এক উদ্ভাৱন কৰিলে আই আই টিৰ অধ্যাপকে । “মেড ইন ইণ্ডিয়া” নহয় “মেড ইন আসামেৰে” বিশ্ববাসীৰ কল্যাণ সাধিব আই আই টি  গুৱাহাটীয়ে ৷ কাৰণ এতিয়াৰ পৰা ক’ভিড-১৯ চিকিৎসাৰ বাবে বাহিৰৰ পৰা ব্যয়বহুল পি পি ই কীট ক্ৰয় কৰিব নালাগে ৷  চাৰিশ বা ততোধিক মূল্যৰ পি পি ই কীটৰ পৰিৱৰ্তে কেৱল ১৪০ টকাতে আৰামদায়ক Viral Transparent Media(VTM), P.T PCR কীট আৰু RNA Isolation কীট উপলব্ধ হ’ব ৷

এই তিনি পোচাক উদ্ভাৱনেৰে স্বাস্থ্যখণ্ডক অন্য এক মাত্ৰা দিব আই আই টি গুৱাহাটীৰ দুই উদ্ভাৱক প্ৰফেচাৰে ৷ আই আই টি গুৱাহাটীৰ “Bio Science and Bio” ৰ অভিযন্তা সিদ্ধাৰ্থ শংকৰ ঘোষ আৰু প্ৰফেচাৰ ডীন পৰমেশ্বৰ কৃষ্ণ আয়াৰে যুটীয়া প্ৰচেষ্টাৰে উদ্ভাৱন কৰি উলিয়াইছে এই কীট ৷ P R Healthcare limited নামৰ প্ৰতিষ্ঠানৰ সহযোগত ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত এই কীট ব্যৱহৃত হৈছে ৷

Exit mobile version