দুখনকৈ গুৰুত্বপূৰ্ণ সভা অগপৰ কাৰ্যালয়ত

agp

আজি অসম গণ পৰিষদৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত সভাপতি অতুল বৰাৰ সভাপতিত্বত দুখনকৈ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । দলৰ বিষয়ববীয়া সকলৰ লগত অনুষ্ঠিত হোৱা এই সভাত দলৰ সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰি কেইবাটাও কাৰ্য্যসূচী যুগুত কৰে । বিশেষভাৱে ২০২১ চনৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলীয় বিষয়ববীয়া আৰু সদস্যসকলৰ কৰণীয় কাম কাজৰ ওপৰতো আলোচনা কৰা হয় । ছ’চিয়েল মিডিয়াৰ জৰিয়তে দলৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ বৃদ্ধিৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাই মূলত ১৯৮৫ চনৰ পৰা বিভিন্ন সময়ত জয়লাভ কৰা ৮৫ টা সমষ্টিক লক্ষ্য কৰি সেই তৎপৰতা আৰম্ভ কৰিছে ।

ইতিমধ্যে বিভিন্ন সমষ্টিত ৫০ শতাংশৰো অধিক ছ’চিয়েল মিডিয়াৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ লগতে অহা সাত দিনৰ ভিতৰত অন্যান্য সমষ্টি সমূহতো এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব । ছচিয়েল মিডিয়াৰ বাবে নিয়োজিত সমষ্টিসমূহৰ দায়িত্বপ্ৰাপ্ত সদস্য সকলক লৈ গুৱাহাটীত এই মাহৰ শেষৰফালে দলটোৱে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে । একেদৰে জিলা আৰু সমষ্টিসমূহৰ সভাপতি/ সম্পাদক সকলক লৈ অহা জুলাই মাহৰ প্ৰথম সপ্তাহত আন এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হ’ব । আজি সভাত সভাপতি বৰাৰ লগতে কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক ডা: কমলা কলিতা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, নুৰুল হুছেইন, ভূপেন ৰায়, প্ৰবীণ হাজৰিকা, সত্যব্ৰত কলিতা, মনোজ শইকীয়া আদি উপস্থিত থাকে ।

Exit mobile version